এনআৰচি চূড়ান্ত খচৰা প্ৰকাশৰ বাবে প্ৰস্তুত শিৱসাগৰ প্ৰশাসন

এনআৰচি চূড়ান্ত খচৰা প্ৰকাশৰ বাবে প্ৰস্তুত শিৱসাগৰ প্ৰশাসন
Published on: 

এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ বাবে শিৱসাগৰ জিলাৰ প্ৰশাসন সম্পূৰ্ণভাৱে সাজু বুলি ঘোষণা কৰে।এনআৰচিৰ প্ৰকাশৰ সময়ত কোনোধৰনৰ অপ্ৰিতিকৰ পৰিস্থিতিৰ নহবৰ বাবে শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা আলোচনা কক্ষত জিলাৰ আৰক্ষী অধীক্ষক,অতিৰিক্ত উপায়ুক্ত,মহকুমাধিপতি,আৰক্ষী থানা সমূহৰ ভাৰপ্ৰাপ্ত বিষয়া সকলৰ লগত নিৰাপত্তাৰ সন্দৰ্ভত আলোচনাত মিলিত হয়।উপায়ুক্ত জনে কয় যে দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অতি সুন্দৰভাৱে এনআৰচিৰ কাম হৈ গৈছে।লগতে কয় যে জিলা প্ৰশাসনে এনআৰচিৰ সফলতাৰ বাবে অতি গুৰুত্বসহকাৰে কাম খিনি কৰি গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com