Begin typing your search above and press return to search.

এনআৰচি প্ৰকাশৰ বাবে আমি প্ৰস্তুত : প্ৰতীক হাজেলা

এনআৰচি প্ৰকাশৰ বাবে আমি প্ৰস্তুত : প্ৰতীক হাজেলা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 July 2018 6:18 AM GMT

প্ৰায় তিনিবছৰ এঘাৰ মাহৰ বিৰতিৰ অন্তত ৩০ জুলাইত এনআৰচিৰ চূড়ান্ত খচৰাখন প্ৰকাশৰ বাবে সাজু হৈছে অসম চৰকাৰ।এনআৰচিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলাই কয় যে আমাৰ পৰিকল্পনা অনুসৰি ৩০ জুলাইত এনআৰচিৰ চূড়ান্ত খচৰা খন প্ৰকাশৰ বাবে সাজু হৈছো।এনআৰচিৰ চপা পত্ৰ সমূহ এনআৰচিৰ সেৱা কেন্দ্ৰত উপলব্ধ হব।পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ কেন্দ্ৰসমূহ খোলা থাকিব।হাজেলাই লগতে কয় প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা কটা নাযায়। প্ৰকৃত ভাৰতীয় নাগৰিকে চিন্তা কৰাৰ প্ৰয়োজন নাই,এইখন এখন খচৰাহে,প্ৰকাশৰ পাছত সকলো লোকে দাবী উত্থাপন কৰাৰ সুযোগ লাভ কৰিব। লগতে জনায় যে এনআৰচিৰ সম্পূৰ্ণ কাম অতি সচ্চ আৰু নিকাভাৱে সম্পন্ন হৈছে।

Next Story
চাকৰি