Begin typing your search above and press return to search.
এনআৰচি প্ৰকাশৰ সোমবাৰৰ দিনটো অসমবাসীৰ বাবে ঐতিহাসিক দিন বুলি কলে আলোচনাপন্থী আলফাই

এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰাক স্বাগতম জনাইছে আলোচনাপন্থী আলফাই।আলফাৰ অধক্ষ্য অৰবিন্দ ৰাজখোৱাই কয় যে সোমবাৰৰ দিনতো অসমবাসীৰ বাবে ঐতিহাসিক দিন,আমি এনআৰচিৰ চূড়ান্ত খচৰা খন আন্তৰিকতাৰে গ্ৰহন কৰিছো।আলফাৰ ফালৰ পৰা চৰকাৰক সম্পূৰ্ণ সমৰ্থক প্ৰদান কৰা হব।আলোচনাপন্থী আলফাৰ ফালৰ পৰা সংবাদপত্ৰ প্ৰকাশ কৰি অধক্ষ্য ৰাজখোৱাই লিখিছে যে অসমবাসীৰ বাবে এয়া ঐতিহাসিক সময়,আমি আন্তৰিকতাৰে স্বাগতম জনাইছো।চৰকাৰক সকলোধৰনৰ সমৰ্থন আমাৰ ফালৰ পৰা প্ৰদান কৰা হব।সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসম পাব্লিক ৱৰ্ক নামৰ সংগঠনটোক এনআৰচি প্ৰক্ৰিয়াত নজৰ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
Next Story