কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী কিৰেন ৰিজিজুয়ে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক এনআৰচি বিৰুধীতা কৰাৰ বাবে কটাক্ষ কৰে।ৰাহুল গান্ধীয়ে এনআৰচি সম্পৰ্কত কৈছিল যে এনআৰচি প্ৰথম কংগ্ৰেছেই আৰম্ভ কৰিছিল,মাত্ৰ উত্তৰনৰ কামসমূহ ভাৰতীয় জনতা পাৰ্টী দলে কৰিছে,তেওঁলোকে সেই কামটোকে অতি কঠোৰ বাবে কৰিছে।অনিয়মৰ মাজেৰে সম্পন্ন কৰা হৈছে।গান্ধীৰ মন্তব্যক কটাক্ষ কৰি ৰিজিজুয়ে কয় যে এনআৰচি যদি কংগ্ৰেছেই আৰম্ভ কৰিছিল,তেতিয়া এনআৰচি বিৰুধীতা কিয় কৰিছে।ৰিজিজুৰ মন্তব্যৰ বিপৰীতে ৰাহুল গান্ধীয়ে কয় যে অসমত এনআৰচিৰ পৰা বাদ পৰা ৪০ লাখ লোকে এতিয়া নিৰাপত্তাহীনতাত ভূগিছে।
এনআৰচি যদি কংগ্ৰেছৰে কেঁঁচুৱা তেন্তে তেওঁলোকে বিৰুধীতা কিয় কৰিছে : কিৰেন ৰিজিজু

Next Story