এন ডি এফ বিৰ বিৰুদ্ধে একেৰাহে চলাই থকা হৈছে অভিযান ।অক্টোবৰৰ ২৭ আৰু ২৮ অক্টোবৰ নিশা চিৰাং আৰ্মী আৰু চিৰাং আৰক্ষীৰ যুটীয়া অভিযানত সন্ত্ৰাসবাদী দাশ্বৰাং ব্ৰহ্মা ওৰফে বি দাহাৰক আটক কৰিবলৈ সক্ষম হয় ।
জানিব পোৱা অনুসৰি; বি দাহাৰ কেডাৰৰ ৪০সংখ্যক গোটৰ সদস্য আৰু ২০১৩ বৰ্ষৰ পৰাই এই গোটৰ সৈতে কাম কৰিছে । কোকৰাঝাৰ জিলা আৰু চিৰাং জিলাত সংঘটিত হোৱা বিভিন্ন অপৰাধ জনিত কাৰ্য্য যেনে অপহৰন আৰু ধন দাবী কাৰ্য্যত জড়িত থকাৰ উপৰিও ২০১৮বৰ্ষৰ ২৬জুনত সংঘটিত হোৱা অসম আৰক্ষীৰ গুলিয়াগুলি ঘটনাটো জড়িত আছিল । ইয়াৰ লগতে ধৃত লোক জন চিৰাং জিলাৰ নতুনকৈ প্ৰশিক্ষন কেডাৰৰ লগতো জড়িত হৈ আছে বুলি জানিব পৰা যায় ।