Begin typing your search above and press return to search.

অসমত এমজিএনৰেগাৰ অধীনত আৰম্ভণিৰে পৰা এতিয়ালৈ আধৰুৱা হৈ আছে ১৯৭২৮৭ টা কাম

অসমত এমজিএনৰেগাৰ অধীনত আৰম্ভণিৰে পৰা এতিয়ালৈ আধৰুৱা  হৈ আছে  ১৯৭২৮৭ টা কাম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Dec 2018 7:10 AM GMT

অসমত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় শ্ৰম নিয়োগ আচনি প্ৰথম আৰম্ভ কৰা হৈছিল ২০০৬-২০০৭ চনত, তেতিয়াৰে পৰা বৰ্তমানলৈ এমজিএনৰেগা আচনিৰ অধীনৰ ১৯৭২৮৭ টা আধৰুৱা কাম বাকী আছে। এই পৰিসংখ্যা ডিচেম্বৰৰ প্ৰথম সপ্তাহ পৰ্যন্ত। ইয়াতকৈও আচৰিত হব লগীয়া কথাটো হ'ল যে আৰম্ভ হোৱাৰে পৰা ১৭১১১ টা অনুমোদিত কামত এতিয়ালৈকে এটকাও খৰচ কৰা হোৱা নাই। সমান্তৰাল ভাবে বিগত তিনিটা বছৰত ১৭৮৩৯ টা কামত এটকাও খৰচ কৰা হোৱা নাই। বিগত দুবছৰত ২৩০৭৭ টা আৰু বিগত বৰ্ষত ৫১৫৫৮ টা আবন্তিত কামত এটকাও খৰচ কৰা হোৱা নাই। ৰাজ্যত ১৫৮৫ টা কাম কেবল মাত্ৰ সামগ্ৰী ক্ৰয় কৰি থৈয়ে আধৰুৱা কৰি ৰখা হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগে অসমত এমজিএনৰেগাৰ কাম চোৱা চিতা কৰে। বিভাগীয় কাৰ্য্যলয়ৰ পৰা পোৱা তথ্য অনুসৰি ২০১৫-১৬ বিত্তিয় বৰ্ষত ১০৪৩৯ টা, পূৰ্বেও ২০১৬-১৭ বিত্তিয় বৰ্ষত ২৪৯১০ টা, ২০১৭-১৮ বিত্তিয় বৰ্ষত ১১৪৪১৫ টা আৰু ২০১৮-১৯ বিত্তিয় বৰ্ষত ৪৭৫২৩ টা আধৰুৱা কাম বাকী আছে। বিভাগীয় কতৃপক্ষই এনেধৰণৰ বৃহৎ পৰিমাণৰ কাম অসম্পূৰ্ণ আৰু আধৰুৱা হৈ বাকী থকা প্ৰসংগত কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগে সম্পাদন কৰিব পৰাতকৈ অধিক পৰিমাণৰ প্ৰকল্প মুকলি কৰাৰ ফলতে এনে অবস্থাৰ সৃষ্টি হৈছে। চৰকাৰৰ নিৰ্দেশনা অনুসৰি ২০১৭-১৮ বিত্তিয় বৰ্ষত ১২২৩৪৮ টা কাম মুকলি কৰা হৈছে কিন্তু গ্ৰামোন্নয়ণ বিভাগে মাত্ৰ ৭৯৩৩ টা কামহে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল। অৱশিষ্ট ১১৪৪১৫ টা আধৰুৱা কাম বিভাগটোৰ বাবে সমস্যাৰ কাৰক হৈ পৰিছে। বিভাগৰ এজন কৰ্মচাৰীয়ে সাংবাদিকক কয় যে আমি আধৰুৱা কাম সন্দৰ্ভত যথেষ্ট দুঃচিন্তাত আছো, ২০১৮ চনৰ ডিচেম্বৰৰ ১ তাৰিখলৈ মাত্ৰ ৪৮৪ টা কামহে সম্পূৰ্ণ হৈছে।সম্পূৰ্ণ হোৱা কামৰ শতাংশ মাত্ৰ ১.০১। এই কাম ২০১৭-১৮ বিত্তিয় বৰ্ষত ৬.৪৮ শতাংশ সম্পূৰ্ণ হৈছিল।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি