এলবাৰ্ট আইনষ্টাইনৰ গড লেটাৰে গঢ়িলে বিশ্ব অভিলেখ: নিলাম হ’ল ২০,৪৮,৩২,৩৮৭.৫০ টকাত

আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেঁটি আপেক্ষিকতাবাদ তত্ত্বৰ পিতৃ স্বৰূপ এলবাৰ্ট আইনষ্টাইনৰ এখন চিঠিয়ে সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷ আইনষ্টাইনে জাৰ্মান ভাষাত ভগৱানলৈ বুলি লিখা চিঠিখন নিলাম হৈছে প্ৰায় ২.৯ মিলিয়ন ডলাৰত (২০,৪৮,৩২,৩৮৭.৫০)৷ ১৯৫৪ চনতে লিখা আইনাষ্টাইনৰ এই চিঠিখনক "গড লেটাৰ"বা "ভগৱান চিঠি" নামেৰে জনা যায় ৷
নিউয়ৰ্কস্থিত ক্ৰিষ্টী চেন্টাৰত হোৱা নিলামত বিষয়ববীয়া সকলে প্ৰায় ১.৫ মিলিয়ন ডলাৰত আইনষ্টাইনৰ "গড লেটাৰ" নিলাম হ’ব বুলি ভাবিছিল যদিও সকলোকে আচৰিত কৰি আইনষ্টাইনৰ চিঠিখনে ২.৯ মিলিয়ন ডলাৰত নিলাম হয় । অন্যহাতে,আইনষ্টাইনে এই চিঠিখন লিখাৰ সময়ত বয়স আছিল ৭৪ বছৰ।
তথ্য অনুসৰি এজন জাৰ্মান দাৰ্শনিক এৰিক গোটকাইন্ডৰ আইনষ্টাইনৰ লগত হোৱা কথাবাৰ্তা প্ৰসংগত আইনষ্টাইনে উত্তৰ দিয়াৰ প্ৰসংগত এই "গড লেটাৰ" খন লিখিছিল ৷ লগতে চিঠিখন বিজ্ঞান বনাম ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত ৷ ইফালে চিঠিখন আইনষ্টাইনৰ মৃত্যুৰ আগমুহুৰ্তত অৰ্থাৎ ১৯৫৪ চনত লিখা ৷চিঠিখনত ধৰ্মৰ উপৰিও দৰ্শনৰ সন্দৰ্ভত আইনষ্টাইনৰ দৃষ্টিভংগী প্ৰকট হৈ উঠিছে ।"
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি