
মংগলবাৰে পুৱতি নিশা ভাৰতীয় বায়ু সেনাই এলঅ’চিত কৰা আক্ৰমণৰ জৰিয়তে দেশৰ অখণ্ডতা ৰক্ষা কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (Narendra Modi) কৃতজ্ঞতা জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত পুলোৱামাত কাণ্ডৰ ১২ দিনৰ পাছতে ভাৰতৰ এয়াৰ ষ্ট্ৰাইক পাক সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত । পাক অধিকৃত কাশ্মীৰৰ বালাকোটত বৃহৎ বিস্ফোৰণ| মুঠ ১০০০ কিঃগ্ৰাঃ ওজনৰ বোমা নিক্ষেপ বায়ুসেনাৰ। পুৱতি নিশা চাৰে ৩.৩০ বজাৰ পৰা ১২ খন মিৰাজ 2000 যুদ্ধ বিমানৰ দ্বাৰা আক্ৰমণ কৰে । অন্যহাতে ভাৰতীয় বায়ু সেনাই গোৱালিয় বিমান কোঠৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ।প্ৰায় ২০০ৰ পৰা ৩০০ সন্ত্ৰাসবাদী নিহত হয়। পাক অধিকৃত কাশ্মীৰত জইছ ঈ মহম্মদৰ ঘাটিত আক্ৰমণ কৰে।
বায়ুসেনাৰ কেইবাখনো যুদ্ধ বিমানৰ এলঅ’চি অতিক্ৰম কৰে। জইছ ঈ মহম্মদৰ নিয়ন্ত্ৰণ কক্ষ ‘আলফা-৩’ আৰু লাঞ্চ পেড ধ্বংস এই আক্ৰমণত।২১ মিনিট ধৰি সন্ত্ৰাসবাদীৰ ঘাটিত একেৰাহে আক্ৰমণ ভাৰতীয় বায়ুসেনাৰ। চকোটি আৰু মুজফ্ফৰবাদতো আক্ৰমণ বায়ুসেনাৰ।বৰ্বৰ পুলৱামাকাণ্ডৰ ১২ দিনৰ পিছত ১২ খন বিমানেৰে আক্ৰমণ।উল্লেখ্য যে,১৪ ফেব্ৰুৱাৰীত পাকিস্তানী সন্ত্ৰাসবাদীৰ সংগঠন জেইছ ই-মহম্মদে পুলোৱামাত বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল। এই আক্ৰমণত ৪০ জনকৈ সেনা জোৱান শ্বহীদ হৈছিল।
যি ঘটনাই সমগ্ৰ দেশবাসীৰ মনত ক্ষোভৰ সৃষ্টি কৰিছিল ।প্ৰত্যেক জন ভাৰতীয়ৰ এটাই দাবী আছিল ” ভাৰতৰ সেনাৰ মৃত্যুৰ প্ৰত্যুত্তৰ লাগে “। পুলোৱামা কাণ্ডৰ ১২ দিনৰ পাছত পাকিস্তানক উৎচিত প্ৰত্যুত্তৰ দিয়ে । পুলোৱামা কাণ্ডৰৰ পাছত পাকিস্তানক সমগ্ৰ বিশ্বয়ে নিন্দা কৰিছিল । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক সকিয়নি প্ৰদান কৰাৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কথাৰ সুৰ সলনি হোৱাৰ পৰিলক্ষিত হৈছিল । পুলোৱামা কাণ্ডৰ পাছত পাকিস্তানে জানিছিল যে ভাৰত কেতিয়াও মনে মনে বহি নাথাকে । সেয়েহে ভাৰতৰ প্ৰত্যাক্ৰমনৰ আশংকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে শান্তিৰ কাৰনে এটি সুযোগ দিবৰ বাবে আহ্বান জনাইছিল।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি