এ চি এচ বিষয়াক নিলম্বন

এ চি এচ বিষয়াক নিলম্বন
Published on

গুৱাহাটী: গহপুৰৰ সহকাৰী আয়ুক্ত(এ চি এচ) চঞ্জন ফুকনক ৬(১)(চি) অসম সেৱা নিয়ম(১৯৬৪)ৰ অধীনত তৎকালীন ভাবে বলবৎ হোৱাকৈ

নিলম্বনৰ নিৰ্দেশ দিয়া হয়। ৰাজ্যপালৰ পৰা প্ৰকাশ হোৱা এক বিজ্ঞপ্তিত ২০ নৱেম্বৰ ২০১৮ ৰ পৰা কাৰ্যকৰী হোৱা এই নিলম্বন সম্বন্ধে কয় গহপুৰৰ

সহকাৰী আয়ুক্ত চঞ্জন ফুকনে অসম অসামৰিক সেৱা পৰীক্ষাত বক্ৰ পথেৰে চাকৰি লোৱা বুলি নিজৰ দোষ স্বীকাৰ কৰে। ফুকনৰ মতামত চি আৰ পি চি ১৬১ ধাৰাৰ অধীনত ৰেকৰ্ড কৰা হৈছে।

পূৰ্বতেও ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী চকীত ৯৩৬/১৬ নম্বৰত এক অপৰাধ গোচৰ ৰুজু কৰা হৈছিল। বিশেষ আদালতেও চঞ্জন ফুকনক গোচৰৰ আবেদনৰ ভিত্তিত দোষী ঘোষনা কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com