অধক্ষ্য হিতেন্দ্ৰ নাথ গোস্বামীৰ বিশেষ পদক্ষেপ: সংস্কৃতিৰ ৰক্ষাৰ বাবে ঐক্যবদ্ধ শাসক বিৰোধী

অসমৰ কলা সংস্কৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে বিধান সভাত ঐক্যবদ্ধ হল শাসক বিৰোধী। অসমৰ ঐতিহাসিক স্হান, লোক কলা সংস্কৃতি, প্ৰাচীন ঐতিহ্য , জনগোষ্ঠীয় সংস্কৃতি সুৰক্ষা তথা সংৰক্ষণৰ বাবে এইবাৰ ঐক্য হল শাসক বিৰোধী ।
বিধান সভাত কলা আৰু সংস্কৃতি সংৰক্ষণৰ, ইয়াৰ সংৰক্ষণ তথা বিকাশ শীৰ্ষক বিষয়ৰ আলোচনাত অংশগ্ৰহন কৰি অগপৰ জেষ্ঠ সদস্য বৃন্দাবন গোস্বামীয়ে কামৰূপী লোকগীত, পুৰণি পুথি পুঁজি , জনজাতীয় সংস্কৃতি সংৰক্ষণ কৰাৰ লগতে গুৰুজনাৰ সৃষ্টি অধ্যয়নৰ বাবে প্ৰত্যেকখন জিলাত একোখন সংগীত মহাবিদ্যালয় স্হাপন কৰিবলৈ আহ্বান কৰিছে । বিধায়িকা আঙুৰলতা ডেকাই কয় যে সমাজক শক্তিশালী কৰাৰ অন্যতম মাধ্যম হল কলা সংস্কৃতি। পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসনত কিছুমান সংস্কৃতি বিলীন হৈ পৰিছে ।
আলোচনা অংশগ্ৰহন কৰি কংগ্ৰেছৰ কমলেক্ষ্য দে পুৰাকায়স্তয়ে কয় যে অসমত হোৱা চিপাহী বিদ্ৰোহ কৰিমগঞ্জৰ লাতু মালেগড় ঐতিহাসিক স্হান সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে । কলা সংস্কৃতি সংৰক্ষণ আৰু বিকাশ সম্পৰ্কীয় বিষয়টোৰ আলোচনাত অংশগ্ৰহন কৰে ক্ৰমে সত্যব্ৰত কলিতা, আমিনুল ইছলাম, বিনন্দ শইকীয়া আদিয়ে । উল্লেখযোগ্য যে বিধান সভাৰ অধ্যক্ষ্য হিতেন্দ্ৰ নাথ গোস্বামীয়ে পূৰ্বেও অসমৰ শিক্ষা খণ্ডৰ সমস্যা, গুনগত মান বৃদ্ধি আৰু চাহ বাগিছা এলেকাৰ সমস্যা আৰু উন্নয়নৰ বিষয়ত আলোচনা অনুষ্ঠিত কৰিছিল|