Begin typing your search above and press return to search.

ঐতিহাসিক বজালী কলেজ হবগৈ ভট্টদেৱে বিশ্ববিদ্যালয়: অসম চৰকাৰ

ঐতিহাসিক বজালী কলেজ হবগৈ ভট্টদেৱে বিশ্ববিদ্যালয়: অসম চৰকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 April 2019 11:26 AM GMT

বৰপেটা জিলাৰ পাঠশালাৰ ঐতিহাসিক বজালী কলেজ অতি সোনকালেই ভট্টদেৱ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হ'ব । অসম চৰকাৰে ইতিমধ্যে ভট্টদেৱ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ পক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে ।

বৰপেটা আৰু নলবাৰী জিলাৰ ২৬ কলেজ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধিনত ধৰা হৈছে । ২৬ খন কলেজৰ ১৭ খন বৰপেটা আৰু ৯খন নলবাৰীৰ কলেজ আছে। বৰপেটা আৰু নলবাৰীৰ ২৬ খন কলেজ ভট্টদেৱে বিশ্ববিদ্যালয়ৰ অধিনত লোৱাৰ সিদ্ধান্ত অসম চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছিল ।

চৰকাৰে ইতিমধ্যে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য পদৰ বাবে বিজ্ঞাপন দিছিল আৰু বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে ২. ৬০ কোটি টকা মুকলি কৰি দিছে । ইতিমধ্যে বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰা হৈছে আৰু শীঘ্ৰে কাম সম্পুৰ্ণ হোৱাত দৃষ্টি ৰাখিছে কতৃপক্ষয়ে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি