ওজন হ্ৰাস কৰাত ব্যস্ত দক্ষিণৰ অভিনেতা প্ৰভাসঃ কিন্তু কিয় ?

ওজন হ্ৰাস কৰাত ব্যস্ত দক্ষিণৰ অভিনেতা প্ৰভাসঃ কিন্তু কিয় ?

ব্লকবাষ্টৰ ছবি বাহুবলীৰ সফলতাৰ পিছত দক্ষিনৰ অভিনেতা প্ৰভাসে সম্প্ৰতি বহু চৰ্চিত সাহুৰ কাৰণে সাজু হৈছে ৷ সাহুৰ নিৰ্মাতাসকলে ছবি খনৰ দৃশ্য গ্ৰহণৰ কিছু দৃশ্য দৰ্শকলৈ আগবঢ়াইছিল ৷ছবি খনৰ কিছু দৃশ্যত প্ৰভাসৰ ষ্টাইলিছ লুকে সকলো চলচ্চিত্ৰ প্ৰেমিকে আকৰ্ষণ কৰিছিল ৷ অন্যহাতে প্ৰভাসে এই লুক পাবৰ কাৰণে বহুত কষ্ট কৰিব লগা হৈছিল ৷ আৰু ইয়াৰ কাৰণে প্ৰভাসে ৭ -৮ কেজি ওজন হ্ৰাস কৰে ৷সাহু ছবিখনৰ লুক পাবৰ কাৰণে প্ৰভাসে এক ডায়েটৰ তালিকাৰ আশ্ৰয় লৈছিল।

লগতে প্ৰভাসে জিমত গৈয়ো বহু কেলৰি হ্ৰাস কৰিছিল৷দুই বছৰৰ পূৰ্বতে এক সাক্ষাতকাৰত প্ৰভাসে কয় যে মোক অনাগত ছবি সাহুৰ কাৰণে ৮৭-৮৮ কিলো ওজন লাগে ৷সাহুৰ দৃশ্যগ্ৰহণ আমি আৰম্ভ কৰিছো ।লগতে ওজন হ্ৰাস কৰাতো মই ব্যস্ত আছো। ইফালে প্ৰভাসে বাহুবলীৰ কাৰণে ১৫০ কিলো ওজন বঢ়াইছিলো। ইয়াৰ কাৰণে প্ৰভাসে ৪০ কণী,মাংস,চালাদ,ফল আৰু ব্ৰাউন ৰাইচ গ্ৰহণ কৰিছিল ৷ইয়াৰ বাহিৰেও দিনত ৬ বাৰ খাদ্য খাইছিল ৷প্ৰত্যেক দুই ঘন্টাৰ পিছত কিবা কিবি খাই থকাৰ অভ্যাস হৈছিল৷আৰু নিশা শোৱাৰ আগত গাখীৰ আৰু চুপ খোৱাৰ ৰুটীন হৈছিল প্ৰভাসৰ।

সাহু ছবিখন হৈছে ভাৰতৰ প্ৰথম মাল্টী ভাষাৰ ছবি ৷ য’ত হিন্দী,তেলেগু আৰু তামিল তিনিটা ভাষাত দৃশ্যগ্ৰহণ হৈছে ৷ সাহুত প্ৰভাসৰ লগত বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ,মন্দিৰা বেদী,মহেশ মাঞ্জৰেকৰ আৰু চাংকী পাণ্ডেই অভিনয় কৰিছে ৷ গুলছন কুমাৰ টী চীৰিজৰ আৰু ভূষন কুমাৰ,য়ুবী ক্ৰিয়েশ্যন প্ৰডাকশ্যনৰ ছবি সাহুৰ নিৰ্দেশন কৰিছে সুজীতে ৷ইফালে কিছুদিনৰ আগতে সাহুৰ দৃশ্য গ্ৰহণ স্থলীৰ পৰা এখন ফ’টো শ্বেয়াৰ কৰিছিল শ্ৰদ্ধা কাপুৰে ৷ফ’টোখনত শ্ৰদ্ধাক বিভিন্ন প্ৰকাৰৰ খাদ্য লৈ বহি থকা দেখা গৈছিল । লগতে বিভিন্ন প্ৰকাৰৰ খাদ্যসমূহ দেখি অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ অত্যন্ত উৎসাহী দেখিবলৈ পোৱা গৈছিল ৷ বিভিন্ন প্ৰকাৰৰ খাদ্য সম্ভাৰেৰে শ্ৰদ্ধাই নিজৰ ইনষ্টাগ্ৰাম একাউন্টত ফ’টোখন অনুৰাগীসকলৰ লগত শ্বেয়াৰ কৰি লিখিছিল It’s tough but we share৷

শ্ৰদ্ধাৰ ইনষ্টাগ্ৰামত পোষ্ট কৰা এই ফটোখন ভাইৰেল হৈছিল অনুৰাগীসকলৰ মাজত ৷ ইফালে,শ্ৰদ্ধা কাপুৰে শ্বেয়াৰ কৰা খাদ্য সম্ভাৰসমূহত প্ৰায় ২৩ বিধ ব্যঞ্জনৰ ভিতৰত আছিল কণীৰ কাৰী,মাংস,মিক্স ভাজি,দালিকে ধৰি বিভিন্ন ব্যঞ্জন ৷ অন্যহাতে দেখাত অত্যন্ত সোৱাদ লগা ব্যঞ্জনসমূহ দেখি ইনষ্টাগ্ৰামত বিভিন্ন কমেন্ট কৰিছিল শ্ৰদ্ধাৰ অনুৰাগীসকলে ৷খাদ্যৰ বিভিন্ন ব্যঞ্জনসমূহ দেখি এজন অনুৰাগীয়ে শ্ৰদ্ধাক কমেন্ট কৰিছিল ইমানেই যথেষ্ট নে ? আন এজন অনুৰাগীয়ে শ্ৰদ্ধাক মন্তব্য কৰিছে যদি ইমানখিনি খাদ্য খোৱা তেতিয়া শকত হৈ যাবা ৷

উল্লেখ্য যে,অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে ছ’চিয়েল মিডিয়াত বাইৰেল হোৱা বিভিন্ন খাদ্য সম্ভাৰৰ ফ’টোখন লৈছিল “সাহু””ৰ দৃশ্যগ্ৰহণ থলীৰ পৰা ৷ “সাহু” ত শ্ৰদ্ধা কাপুৰে অভিনয় কৰিছে দক্ষিন ভাৰতৰ জনপ্ৰিয় অভিনেতা “প্ৰভাস”ৰ সৈতে ৷ প্ৰায় ৩০০ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা ছবিখনৰ দৃশ্য গ্ৰহণ হৈছে হাইদৰাবাদ,মুম্বাই, অবুধাবী,ডুবাই, ৰোমানিয়া আৰু ইউৰোপত ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com