ওড়িশাৰ বিজেপি আৰু বিজেদিৰ মাজত থকা গোপন বুজাবুজিৰ প্ৰতি তীব্ৰ শেল নিক্ষেপ কৰিছে কংগ্ৰেছে। ওড়িশাৰ ৰাজ্যিক কংগ্ৰেছ সমিতিয়ে মংগলবাৰে এখন সংবাদ মেল যোগেৰে ভাৰতীয় জনতা পাৰ্টি আৰু ওড়িশাৰ বিজু জনতা দলক আক্ৰমণ কৰি কয় যে দুয়োটা দলেই ৰাজ্যখনৰ আভ্যন্তৰৰ মূল বিষয়বস্তু সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওড়িশা ভ্ৰমণৰ পিছতে কংগ্ৰেছে এইদৰে আক্ৰমণ কৰিছে বিজেপি আৰু বিজু জনতা দলে। ৰাজ্যিক কংগ্ৰেছৰ ফালৰ পৰা কোৱা হয় যে নৰেন্দ্ৰ মোডীয়ে ওড়িশাৰ বিভিন্ন বিষয় সন্দৰ্ভত ৰাজ্যিক চৰকাৰখনক সমালোচনা কৰিলেও মুখ্যমন্ত্ৰী নবীন পাটনায়ক আৰু তেওঁৰ বিজু জনতা দলক কোনো ধৰণৰ সমালোচনা নকৰিলে, এই ঘটনাই দুয়োটা দলৰ মাজৰ পৰস্পৰ বুজাবুজিক স্পষ্ট কৰিছে বুলিও কংগ্ৰেছৰ ফালৰ পৰা সদৰী কৰা হয়। নৰেন্দ্ৰ মোডী আৰু নবীন পাটনায়ক দুয়োজনেই ওড়িশাৰ জনসাধাৰণক প্ৰৱঞ্চনা কৰি আহিছে, তেওঁলোকে প্ৰভূ জগন্নাথৰ নামত ৰাজ্যখনৰ জনসাধাৰণৰ চকুত ধূলি দিয়াৰ চেষ্টা কৰিছে।
ওড়িশাৰ প্ৰদেশ কংগ্ৰেশৰ সভাপতি নিৰঞ্জণ পাটনায়কে কয় যে নৰেন্দ্ৰ মোডী আৰু নবীন পাটনায়কৰ মাজত থকা বুজাবুজি জনসাধাৰণৰ মাজত ওলাই পৰিছে। কংগ্ৰেছৰ প্ৰদেশ সভাপতি জনে দেশৰ প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী জনক ওড়িশাৰ জনসাধাৰণৰ মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে।কংগ্ৰেছৰ এই অভিযোগৰ প্ৰতুত্তৰ দি বিজু জনতা দলে কয় যে আমি সদায় কংগ্ৰেছ আৰু বিজেপিৰ লগত সমান দূৰত্ব বজাই ৰাখিছো। আমি একমাত্ৰ ওড়িশাৰ জনসাধাৰণৰ প্ৰতিহে দায়বদ্ধ কাৰণ তেওঁলোকে আমাক বিশ্বাসতলৈ ক্ষমতাত ৰাখিছে, কংগ্ৰেছ আৰু বিজেপিৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আমাৰ কোনো প্ৰয়োজন নাই বুলি বিজু জনতা দলৰ সাংসদ প্ৰতাপ দেৱে মন্তব্য কৰে।
কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ওড়িশাত হোৱা ব্যাপক দুৰ্নীতি সন্দৰ্ভতহে প্ৰশ্ন কৰিছে।কেন্দ্ৰীয় মন্ত্ৰী জনে কয় যে প্ৰত্যকে জানে ৰাজ্যত কিমান দুৰ্নীতি হৈ আছে। চিট ফাণ্ড গোচৰত ইতিমধ্যে বহু লোক কাৰাবাসত আছে। নৰেন্দ্ৰ মোডীয়েও সোমবাৰে ওড়িশাত জনসভাত অংশগ্ৰহণ কৰি এই সম্পৰ্কে প্ৰশ্ন কৰিছিল। মোডীয়ে কৈছিল যে দুৰ্নীতিৰ লগত জড়িত এই বিধায়ক আৰু সাংসদ সকল কোনটো দলৰ লগত জড়িত?ওড়িশাৰ কুডৰাহাডত অনুষ্ঠিত জনসভাত মোডীয়ে ওড়িশা চৰকাৰক দুৰ্নীতি, কৃষকৰ সমস্যা, মাতৃত্বৰ সমস্যা আদি দিশৰ ওপৰতো প্ৰশ্ন কৰে। ওড়িশাৰ দুৰ্নীতিৰ দৈত্যটো অধিক শক্তিশালী হৈ পৰিছে, কোনো এই দৈত্যটোক আহাৰ-পানী খুৱাই শক্তিশালী কৰিলে? এইদৰে প্ৰশ্ন কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ২০১৯ চনত অনুষ্ঠিত হব লগা লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়ত বিভিন্ন ৰাজনৈতিক দলে নিজৰ দলীয় অংক সুদৃঢ় কৰাত লাগিছে।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি