Begin typing your search above and press return to search.

ওদালগুৰিত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উদ্ধোধন কৰিলে আগছুৰ অতিথিশালা

ওদালগুৰিত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উদ্ধোধন কৰিলে আগছুৰ অতিথিশালা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jan 2019 1:12 PM GMT

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ওদালগুৰিত আগছুৰ দুমহলীয়া অতিথিশালা উদ্ধোধন কৰে। উদ্ধোধনী অনুষ্ঠানত গোৰ্খা জনসাধাৰণক উদ্দশ্যি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচি পৰিষদে গোৰ্খা সকলৰ সমস্যা সমূহ সমাধান কৰিব। গোৰ্খা সকলৰ বাবে আৰু এটা অতিথিশালা কোকৰাঝাৰত নিৰ্মাণ কৰা হব বুলিও হাগ্ৰামা মহিলাৰীয়ে কয়।

ৰাজ্যিক জনস্বাস্থ্য অভিযান্ত্ৰিক মন্ত্ৰী ৰিহন দৈমাৰী, মাজবাটৰ বিধায়ক চৰণ বড়ো, ৰিপেন দৈমাৰী আৰু বহুতো আমন্ত্ৰিত অতিথিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ওডালগুৰি জিলা সমিতিৰ সভাপতি কিৰণ ৰয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু ভবিষ্যতে আগছুৰ কাৰ্য্যলয় নিৰ্মাণৰ বাবে আচনি গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাই।

আগছুৰ ৪০ সংখ্যক বাৰ্ষিক অধিবেশনৰ আয়োজক সমিতিৰ সভাপতি আৰু সম্পাদক বিষ্ণু শৰ্মা নেউপানে আৰু পৱন লুইটেলে হাগ্ৰামা মহিলাৰীক তেওঁলোকৰ অধিবেশনত অতিধি হিচাপে উপস্থিত থকাৰ বাবে আহ্বান জনাই। আগছুৰ অতিথিশালাত উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে কয় যে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰভাৱ বিটিচি অঞ্চলত নপৰে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ প্ৰভাবো নপৰে বুলি মন্তব্য আগবঢ়াই। হাগ্ৰামা মহিলাৰীয়ে অখিল গগৈৰ সম্বন্ধেও মন্তব্য আগবঢ়াই।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি:

Next Story
চাকৰি