Top
Begin typing your search above and press return to search.

ওদালগুৰিত হাতীৰ আক্ৰমণত এজন নিহত

ওদালগুৰিত হাতীৰ আক্ৰমণত এজন  নিহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Oct 2018 8:53 AM GMT

ওদালগুৰি জিলাত অব্যাহত আছে হাতী মানুহৰ সংঘাত । বৃহস্পতিবাৰে নিশা জিলা খনৰ ছাগলীঝাৰত হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয় । মৃত লোক জনৰ নাম তপেশ্বৰ ৰাভা বুলি জানিব পৰা গৈছে ।

নিশা প্ৰায় ৯ বজাত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাক এটাই গাওঁ খনৰ ধাননি পথাৰত প্ৰৱেশ কৰি এফালৰ পৰা মহতিয়াই লণ্ড-ভণ্ড কৰে । তাকে দেখি ৰাইজে হাতীৰ জাকটোক খেদিবলৈ চেষ্টা কৰোতে হাতী কেইটাই ওলোটাই ৰাইজলৈ চোঁচা লোৱাত তপেশ্বৰ ৰাভা নামৰ লোকজন হাতীৰ সন্মুখত পৰে ।

হাতীৰ আক্ৰমণত ঘটনাস্থলীতে নিহত হয় লোকজন। এই ঘটনাক লৈ শোকাৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত । ঘটনাটোৰ বাবে কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগকে জগৰীয়া কৰিছে স্থানীয় ৰাইজে।

Next Story