ওমৰাংচুৰ ডিমা হাছাও জিলাৰ প্ৰায় ১০০জন লোকৰ প্ৰতিবাদ সাব্যস্ত

ওমৰাংচুৰ ডিমা হাছাও জিলাৰ প্ৰায় ১০০জন লোকৰ প্ৰতিবাদ সাব্যস্ত
Published on

যোৱা বুধবাৰে ওমৰাংচুৰ ডিমা হাছাও জিলাত প্ৰায় ১০০জন লোকে দূৰ্বৃত্তৰ বিৰুদ্ধে ন্যায় আৰু উচিত শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। যোৱা মঙলবাৰে ওমৰাংচুৰ নিৱাসী ৰাজীৱ দাস(২৫) নামৰ এজন যুৱকক গুৰুতৰ ভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয় আৰু জানিব পোৱা মতে,তেওঁক কোনো দুষ্কৃতি লোকে অপহৰন কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

যোৱা বুধবাৰে ওমৰাংচু আৰক্ষী থানাৰ জৰিয়তে জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰন কৰে। স্মাৰক পত্ৰ খনত উল্লেখ থকা অনুসৰি,ৰাজীৱ দাসক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয়।তেওঁক কোনো দুষ্কৃতি লোকে অপহৰন কৰি মানসিক আৰু শাৰীৰিক ভাৱে অত্যাচাৰ কৰে বুলি উল্লেখ কৰা হৈছে স্মাৰক পত্ৰ খনত।বৰ্তমান তেওঁ গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্ত্তী হৈ আছে।সেয়ে ওমৰাংচু বাসীয়ে দাসত বিনামুলীয়া চিকিৎসাৰ কৰোৱাৰ লগতে দূৰ্বৃত্তক উচিত শাস্তিৰ প্ৰদানৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com