Begin typing your search above and press return to search.

কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 April 2019 9:28 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Sarbananda Sonowal) দেওবাৰে বৰপেটা লোকসভা আসনৰ কাৰণে বিজেপিৰ প্ৰাৰ্থী মানিকপুৰৰ কুমাৰ দীপক দাসৰ সমৰ্থনত দুটা বিশাল ৰেলীত ভাগ লয় ৷ লগতে মুখ্যমন্ত্ৰী সোনোৱালে গুৱাহাটীৰ প্ৰাৰ্থী কুইন ওজাৰ কাৰণে প্ৰচাৰ অভিযানত ভাগ লয়। নিৰ্বাচনী প্ৰচাৰত অংশ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে ভাৰতত ভোটদাতাসকলৰ বিকাশ, বিগত পাঁচ বছৰৰ বিকাশৰ আধাৰত হৈছে ৷

দেশবাসীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দ্বিতীয় কাৰ্যকালৰ কাৰণে কাৰ্যভাৰ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কংগ্ৰেছ আৰু এআইইউডিএফক কটাক্ষ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনহৱালে কয় যে দুয়োটা দলেই সংকীৰ্ণ ৰাজনৈতিক লাভৰ কাৰণে বিভাজনকাৰী ৰাজনীতি কৰিছে ৷ অৱশ্যে বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দেশৰ সকলো স্তৰৰ বিকাশৰ কাৰণে কাম কৰি আছে।

মুখ্যমন্ত্ৰী সোনোৱালে কয় যে বিজেপিয়ে সকলো লোকক লৈ, একত্ৰিত হৈ আগবাঢ়ি যাব বিছাৰে ৷ লগতে মুখ্যমন্ত্ৰী সোনোৱালে কয় যে সকলো লোকৰ বিকাশৰ কাৰণে সবকা সাথ সবকা বিকাশ নীতি গ্ৰহণ কৰিছে চৰকাৰে ৷ কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে ৫৫ বছৰ শাসনত থকাৰ পিছতো কংগ্ৰেছে গাওঁ অঞ্চলৰ বিকাশত বিফল হয় ৷

দেশে স্বাধীনতা লাভ কৰা ৭২ বছৰৰ পিছতো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বিকাশৰ মুখ দেখা নাই ৷ কিন্তু বিজেপিৰ নেতৃত্বাধীন চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰতো দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত আৰু পাঁচখন দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দেওবাৰে গুৱাহাটীত বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ সমৰ্থনত এখন বাইক ৰেলীত অংশ লয় ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি