Begin typing your search above and press return to search.

কংগ্ৰেছক তীব্ৰ কটাক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

কংগ্ৰেছক তীব্ৰ কটাক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 March 2019 6:41 AM GMT

কংগ্ৰেছক কটাক্ষ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ(Narendra Modi) প্ৰশ্ন যে কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগীয়ে সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণৰ প্ৰমাণ বিছাৰি নিৰাপত্তাৰক্ষী সকলৰ মনোবল কিয় সীমিত কৰিব বিচাৰিছে? বিহাৰত বিজেপি শাসিত জেডিইউৰ লগত মিত্ৰতা কৰি শাসনলৈ অহাৰ প্ৰাকমুহুৰ্তত দেওবাৰে এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷

লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে,পাকিস্তানত সন্ত্ৰাসবাদীৰ ঘাটিত বায়ু সেনাই কৰা আক্ৰমণ সন্দৰ্ভত কংগ্ৰেছে প্ৰমাণ বিছৰাৰ জৰিয়তে নিৰাপত্তা বাহিনীৰ মনোবল ভংগ কৰিব বিছাৰিছে ৷যাৰ কাৰণে শত্ৰু পক্ষই হাঁহিবলৈ বাধ্য হৈছে ৷ নিৰাপত্তা বাহিনীৰ মনোবল ভংগ কৰা ধৰণৰ মন্তব্যই শত্ৰু পক্ষক যথেষ্ট উপকৃত কৰিব ৷ নৰেন্দ্ৰ মোডীয়ে পাটনাত হোৱা এনডিএৰ সংকল্প ৰেলীত অংশ লৈ বিহাৰত অনাগত লোকসভা নিৰ্বাচনৰ কাৰণে অভিযান আৰম্ভ কৰে ৷ ইফালে কংগ্ৰেছ আৰু তেওঁ সহযোগী সকলৰ এনধৰণৰ মন্তব্যই শত্ৰু সকলৰ আনন্দৰ কাৰণে যথেষ্ট।

এই সময়ত সকলোৱে একত্ৰিত হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ বিপৰীতে ২১ টা দলে দিল্লীলৈ গৈ এনডিএ দলৰ বিৰুদ্ধে মন্তব্য কৰিবলৈ একত্ৰিত হৈছে ৷জনসাধাৰণে তেওঁলোকক কেতিয়াওঁ ক্ষমা নকৰে ৷ উল্লেখ্য যে,গান্ধী মৈদামত একত্ৰিত হোৱা হাজাৰ জনসাধাৰণক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে,পাকিস্তানৰ ৱালাকোটত সন্ত্ৰাসবাদীৰ ঘাটিত বায়ু সেনাই আক্ৰমণ কৰাত সমগ্ৰ জনসাধাৰণে সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে আমাৰ আপোন জনৰ কিছু সংখ্যকে সন্ত্ৰাসবাদীৰ ঘাটিত কৰা আক্ৰমণ সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি