Begin typing your search above and press return to search.

কংগ্ৰেছে বিজেপিক পৰাজয় কৰিবৰ কাৰণে বিকল্প ব্যৱস্থা কৰিছেঃ তৰুণ গগৈ

কংগ্ৰেছে বিজেপিক পৰাজয় কৰিবৰ কাৰণে বিকল্প ব্যৱস্থা কৰিছেঃ তৰুণ গগৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Feb 2019 7:49 AM GMT

সোমবাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে অসমত কংগ্ৰেছ দলে অনাগত লোকসভা নিৰ্বাচনত শাসনাধীষ্ঠ বিজেপি( BJP) চৰকাৰক ক্ষমতাচ্যুত কৰিবৰ কাৰণে এআইইউডিএফৰ বাহিৰে অন্যান্য দলৰ লগত মিত্ৰতা কৰিবৰ কাৰণে বিকল্প ব্যৱস্থা থাকিব ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত কয় যে বিজেপি চৰকাৰ ধৰ্ম নিৰপেক্ষ আৰু লোকতন্ত্ৰৰ কাৰণে উপযুক্ত নহয়৷ বিজেপি চৰকাৰ নাগৰিকত্ব সংশোধনী বিধেয়কক আইনত পৰিণত কৰিবৰ কাৰণে লগতে বিধেয়ক খনক লৈ নিজৰ দৃঢ় পদক্ষেপৰ প্ৰসংগত অসমৰ স্বদেশী লোকসকলৰ কাৰণে বিপদ স্বৰূপ হৈ পৰিছে ৷

বিধেয়ক খনক লৈ বিৰোধী দলৰ বিভিন্ন পদক্ষেপ তথা জনতাৰ বিভিন্ন গণতান্ত্ৰিক আন্দোলনৰ কাৰণে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল হ’ল। ইফালে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে নিৰ্বাচনৰ পিছত বিজেপি চৰকাৰ পুনৰ ক্ষমতাত অধিস্থিত হোৱাৰ পিছত নাগৰিকত্ব সংশোধনী বিধেয়কক গৃহীত কৰিব বুলি দিয়া মন্তব্যৰ পৰা বিজেপি চৰকাৰে যে, খিলঞ্জীয়া লোকসকলৰ আৱেগক উপেক্ষা কৰিছে তাকেই প্ৰতিপন্ন হৈছে ৷ কিন্তু সম্প্ৰতি বিধেয়কখনৰ সন্দৰ্ভত বিভিন্ন দল সংগঠন, ব্যক্তি সকলোৱে প্ৰতিবাদ কৰাৰ পিছত শাসনাধীষ্ঠ বিজেপি চৰকাৰে স্বদেশী লোকসকলৰ আৱেগক অপমাণ কৰিছে৷ অনাগত লোকসভা নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়কক মূল বিষয় হিচাপে থাকিব৷ এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

অন্যহাতে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই এখন সংবাদমেলৰ আয়োজন কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ইতিপূৰ্বে দিয়া মন্তব্যক তাচ্চিল্য কৰি কয় যে, যদিহে বিতৰ্কিত বিধেয়কখন আইনত পৰিণত নহয় তেন্তে অসম কাশ্মীৰলৈ পৰিণত হ’ব ৷ লগতে ৰিপুণ বৰাই কয় যে খিলঞ্জীয়া লোকসকলৰ পৰিমাণ নগণ্য হৈ অসমখন ত্ৰিপুৰালৈ পৰিণত কৰিব বিচৰা মন্ত্ৰী ড° শৰ্মাৰ অসমখন দ্বিতীয় কাশ্মীৰ হোৱাটোতহে বেছিকৈ গুৰত্ব প্ৰদান কৰিছে ৷ ইফালে বিজেপিয়ে আধুনিক কাৰ্যালয় নিৰ্মাণৰ ভূমি পূজন সন্দৰ্ভত ৰিপুন বৰাই কয় যে শাসনাধীষ্ঠ দল বিজেপিয়ে চহৰখনত জল সম্পদ বিভাগৰ ভূমিক দখল কৰিছে ৷

উল্লেখ্য যে, কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে ২৬ ফ্ৰেব্ৰুৱাৰীত বিজেপিৰ বিৰুদ্ধে সকলো দলৰ লগত খানাপাৰাস্থিত ভেটেৰিনাৰী কলেজত একত্ৰিত হৈ বিশাল সমাবেশত ভাষণ প্ৰদান কৰিব। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি