কংগ্ৰেছে সেনা জোৱানসকলৰ বিচক্ষনতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছেঃ ৰাম মাধৱ

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু উত্তৰ পূবৰ প্ৰভাৰী ৰাম মাধৱে (Ram Madhav) দেওবাৰে কংগ্ৰেছ আৰু বিৰোধী দলসমূহক কটাক্ষ কৰি কয় যে তেওঁলোকে কিছুমান অস্পষ্ট বিষয় উত্থাপন কৰি জনসাধাৰণক বিভ্ৰান্ত কৰিব বিছাৰিছে ৷ দলৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ সন্মুখত ৰাম মাধবে কয় যে তেওঁলোকৰ নেতাসকলৰ আমাৰ বীৰ জোৱানসকলৰ বিচক্ষনীয়তাৰ সন্দৰ্ভত সন্দেহ আছে ৷ তেওঁলোকে কেৱল আমাৰ চৰকাৰখনৰ ওপৰতেই প্ৰশ্ন নকৰে, আমাৰ সেনা বাহিনীৰ বিচক্ষনতাৰ ওপৰতো প্ৰশ্ন কৰে। কংগ্ৰেছৰ চৰকাৰখনক লৈ কৰা প্ৰতিটো ব্যক্তব্য পাকিস্তানত পুনৰাই টুইট কৰা হয় ৷ যদি তেওঁলোক পাকিস্তানত যায় ৷ তেতিয়া নিশ্চয় নিৰ্বাচনত জয়ী লাভ কৰিব পাৰিব ৷
লগতে ৰাম মাধৱে মন্তব্য কৰে যে কংগ্ৰেছৰ ওচৰত আমাৰ চৰকাৰৰ সন্দৰ্ভত কোনো বিশেষ বিষয় নাই ৷ গতিকে কংগ্ৰেছ শীতল যুদ্ধ আৰম্ভ কৰিছে। কংগ্ৰেছৰ চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিক্ৰিয়াত দেশবাসীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। নৰেন্দ্ৰ মোডীক পুনৰাই প্ৰধানমন্ত্ৰী হিছাপে অধিস্থিত কৰা প্ৰসংগত ৰাম মাধৱে কয় যে প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তা তথা লোকপ্ৰিয়তা এতিয়াও হ্ৰাস পোৱা নাই। লগতে আমাৰ চৰকাৰৰ "আকৌ এবাৰ মোডী চৰকাৰ" শ্ল’গান অব্যাহত আছে ৷
উত্তৰ পূব আৰু অসমক প্ৰভাৱিত কৰা বিভিন্ন বিষয় সন্দৰ্ভত মন্তব্য কৰাৰ লগতে ৰাম মাধবে কয় যে বিজেপি আৰু তেওঁলোকৰ সহযোগী দলসমূহে উত্তৰ পূবৰ ২৫ টা সংসদীয় আসনৰ ভিতৰত ২০ খন আসনত জয়ী লাভ কৰিব ৷ আৰু অসমত আমি ১০ খন লাভ কৰিম । অৰুণাচল বিধানসভা নিৰ্বাচনত আমি সংখ্যা গৰিষ্ঠতা লাভ কৰিম। উত্তৰ পূবত বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ সন্দৰ্ভত ৰাম মাধৱে কয় যে উত্তৰ পূব ডেম’ক্ৰেটিক এলায়েন্স অৰ্থাৎ নেডাৰ মাজত কোনো মতভেদ নাই ৷ অৱশ্যে নেডাৰ কিছুমান দলে নিৰ্বাচন পৃথককৈ খেলিব যদিও আমি নিৰ্বাচনৰ পিছত আকৌ একত্ৰিত হ’ম ৷
নেডাৰ আহ্বায়ক মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কত মন্তব্য কৰি ৰাম মাধবে কয় যে নেডাৰ সমন্বয়ৰ ওপৰত আৰু বিভিন্ন অঞ্চলৰ উন্নয়নৰ ওপৰত বিশেষ দৃষ্টি ৰাখিব ড° শৰ্মাই ৷ অন্যহাতে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত ৰাম মাধবে কয় যে অসমত কংগ্ৰেছৰ কোনো এজেণ্ডা নাই ৷ কেৱল বিজেপিক পৰাজয় কৰিবৰ কাৰণে কংগ্ৰেছে এআইইউডিএফৰ লগত মিত্ৰতাৰ ক্ষেত্ৰত আগবাঢ়িছে ৷ কিন্তু জনসাধাৰণৰ এই সম্পৰ্কত সকলো জ্ঞাত৷ গতিকে আশা কৰা হৈছে ভোটদাতাই এইবাৰ উচিত প্ৰাৰ্থীক ভোটদান কৰিব ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি