Begin typing your search above and press return to search.

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ পদত্যাগ পত্ৰ অগ্ৰাহ্য কৰিলে চি ডব্লিউ চিয়ে

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ পদত্যাগ পত্ৰ অগ্ৰাহ্য কৰিলে চি ডব্লিউ চিয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 May 2019 6:01 AM GMT

কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ পদত্যাগৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰে চি ডব্লিউ চি অৰ্থাৎ দলটোৰ কাৰ্যনিৰ্বাহক কমিটীয়ে ৷ ইফালে চি ডব্লিউ চিয়ে ৰাহুল গান্ধীক দলটোৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰি আৰু সাংগঠনিক ভাৱে পুনৰ গঠন কৰিবলৈ আহ্বান কৰে । ইফালে কংগ্ৰেছৰ এক বিশেষ সূত্ৰৰ মতে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী নিজৰ সিদ্ধান্তত অটল হৈ আছে ,যদিও শনিবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে ৰাহুল গান্ধীৰ এই সিদ্ধান্ত সৰ্বসন্মতি ক্ৰমে অগ্ৰাহ্য কৰে ৷

কমিটীয়ে ৰাহুল গান্ধীক সম্প্ৰতি দলটোৰ নেতৃত্ব বহন কৰি বিকাশৰ পথত আগবঢ়াই লৈ যাবলৈ আহ্বান কৰে ৷ লগতে দেশৰ যুৱ প্ৰজন্ম,কৃষক,এচ চি,এচ টি,অ’বিচি,সংখ্যালঘূ সকলোৰে নেতৃত্ব বহন কৰিবলৈ কমিটী আহ্বান কৰে ৰাহুল গান্ধীক ৷ দলটোক সম্পূৰ্ণ বিকাশৰ পথত আগৱঢ়াই লৈ যাবলৈ ৰাহুল গান্ধীক আহ্বান কৰাৰ উপৰিও এখন আঁচনি মুকলি কৰাৰ কথা উল্লেখ কৰে কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে ৷

অন্যহাতে ১২.১৩ কোটি ভোটাৰক কৃতজ্ঞতা জ্ঞাপন কৰে কমিটীয়ে আৰু দলৰ সাহস,একাগ্ৰতা আৰু কৰ্মৰ প্ৰতি নিষ্ঠা, পূৰ্বৰ দৰেই অটুত আছে বুলি উল্লেখ কৰে কমিটীয়ে ৷উল্লেখ্য যে গান্ধীয়ে সভাপতিত্ব কৰা এই বৈঠকত ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী,প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং,কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলকে ধৰি দলৰ জেষ্ঠ্য নেতাসকল উপস্থিত আছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি