Begin typing your search above and press return to search.

কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰৰ মনোনয়ন পত্ৰ দাখিল

কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰৰ মনোনয়ন পত্ৰ দাখিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2019 12:36 PM GMT

লোকসভা নিৰ্বাচনত অবতীৰ্ণ হবলৈ সাজু পৱন সিং ঘাটোৱাৰ । কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব পৱন সিং ঘাটোৱাৰে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰাৰ্থীত্ব প্ৰদান কৰিব পবন সিঙ ঘাটোৱাৰে । আজি মনোনয়ন পত্ৰ দাখিল কৰি পৱন সিং ঘাটোৱাৰে লোকসভা নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে । মনোনয়ন পত্ৰ দাখিল কৰি এইবাৰ লোকসভা নিৰ্বাচনত জয় হব বুলি প্ৰকাশ কৰে পবন সিঙ ঘাটোৱাৰে । উল্লেখযোগ্য যোৱা ২২ মাৰ্চত কংগ্ৰেছৰ প্ৰাৰ্থী জনে সদলবলে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিও মনোনয়ন পত্ৰ দাখিল কৰিব পৰা নাছিল । আজি যথেষ্ট সমৰ্থনকাৰীৰ সৈতে আহি মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছৰ প্ৰাৰ্থীজনে ।

আনহাতে আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে ৮ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। নেচনেল পিপলচ পাৰ্টি NPP ৰ প্ৰাৰ্থী ভবেন বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰে । অপূৰ্ব শইকীয়া, ইজৰাইল নান্দা, ৰুবুল বুঢ়াগোহাঁই, তিতুচ ভেংগ্ৰা আৰু নুৰুল হুদায়ে স্বাধীন ভাবে আজি মনোনয়ন পত্ৰ দাখিল কৰে।

অসমত তিনি টা পৰ্যায়ত অনুষ্ঠিত হব লোকসভাৰ নিৰ্বাচন। ১১, ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ । ১১ এপ্ৰিলত অনুষ্ঠিত হব লগা প্ৰথম পৰ্যায়ত ভোট গ্ৰহণৰ বাবে ২৫ মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । সেয়েহে আজি ১১ এপ্ৰিলত ডিব্ৰুগড়ত অনুষ্ঠিত হব লগা লোকসভাৰ নিৰ্বাচনৰ বাবে শক্তিশালী নেতাই মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হয় ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি