কংগ্ৰেছ এতিয়া অচল ৫০০ টকীয়া নোটৰ দৰে: হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছ এতিয়া অচল হোৱা ৫০০ টকীয়া নোট, কোনো দোকানীয়ে অচল টকাৰ মূল্য নিদিয়ে। নগাওঁ সদৰ সমষ্টিৰ ডেওঁধৰত সোমবাৰে অনুষ্ঠিত হোৱা এখন ৰাজনৈতিক সভাত অংশ লৈ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক ক্ষুৰাধাৰ সমালোচনা কৰি এইদৰে কয়। কংগ্ৰেছে অসমত ধূতি-লুঙিৰ ৰাজনীতি আৰম্ভ কৰাৰ বাবে হিমন্ত বিশ্বই সমালোনা কৰি কয় যে কংগ্ৰেছে ধূতি-লুঙিতে ব্যস্ত থাকি উন্নয়ণৰ কথাত গুৰুত্ব দিবলৈ সময়ে নাপালে। বিজেপিৰ ষ্টাৰ কেম্পেনাৰজনে প্ৰচাৰ সভাখনত বিজেপিয়ে ৰাজ্যত পৰিবৰ্তন আৰম্ভ কৰা বুলি মন্তব্য কৰে।
বিজেপিয়ে কৰা পৰিবৰ্তন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয় ৰাজ্যৰ শিক্ষা ব্যৱস্থাত বিজেপি শাসিত চৰকাৰ খনে পৰিবৰ্তন সাধন কৰিছে। এতিয়া কোনো ছাত্ৰ-ছাত্ৰী আৰু অভিভাবকে গণবেশ আৰু কিতাপৰ বাবে চিন্তা কৰিব নালাগে। শৰ্মাই পুনৰ কংগ্ৰেছৰ দিনত দুখীয়া ঠেলা চালকৰ লৰা-ছোৱালীয়ে প্ৰশাসনীক বিষয়া হোৱাৰ কথা ভাবিব পৰা নাছিল কিন্তু এতিয়া বিজেপিৰ দিনত সেই আশা সকলোৰে পূৰণ হোৱাৰ পথ সুগম হৈছে। হিমন্ত বিশ্ব শৰ্মাই একেদিনাই নগাওঁৰ কলিয়াবৰ আৰু কঠিয়াতলী চাৰিআলিটো আন দুখন বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই।স্থানীয় বিধায়ক ৰূপক শৰ্মাও ডেওঁধৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত থাকে। ৫ ডিচেম্বৰত অনুষ্ঠিত হব লগা ৰাজ্যৰ প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে।বিজেপিৰ সমান্তৰালভাবে কংগ্ৰেছ,অগপ আৰু এ আই ডি এফেও নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ হৈ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হেলিকপ্তাৰেৰে ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে।
অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি