Begin typing your search above and press return to search.

কংগ্ৰেছ-এ আই ইউ ডি এফৰ গোপন মিত্ৰতায়ে অসমৰ ৰাইজৰ নিৰাপত্তাৰ দিশত প্ৰশ্ন উত্থাপন কৰিব: যোগী আদিত্যনাথ

কংগ্ৰেছ-এ আই ইউ ডি এফৰ গোপন মিত্ৰতায়ে  অসমৰ ৰাইজৰ নিৰাপত্তাৰ দিশত প্ৰশ্ন উত্থাপন কৰিব: যোগী আদিত্যনাথ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 April 2019 8:57 AM GMT

শনিবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অথা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ যোগী আদিত্যনাথে নগাঁও লোকসভা সমষ্টি ৰ হোজাইত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই । নিৰ্বাচনী সভাত কংগ্ৰেছক সমালোচনা কৰে যোগী আদিত্যনাথে লগতে প্ৰকাশ কৰে যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন মিত্ৰতায়ে অসমৰ ৰাইজৰ নিৰাপত্তাৰ দিশত ভাবুকিৰ সৃষ্টি কৰিব ।

লগতে যোগী আদিত্যনাথে কয় কংগ্ৰেছৰ মুছলিম লীগৰ লগতো বুজাবুজি আছে। কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে ৱায়ানাড়ৰ লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময় অংশগ্ৰহন কৰা ৰেলীত সেউজীয়া পতকা খন তাৰেই প্ৰমাণ বুলি প্ৰকাশ কৰে ।

বদৰউদ্দিন প্ৰধান এআইইউডিএফ ক সমালোচনা কৰি যোগী আদিত্যনাথ কয় এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ অপবিত্ৰ মিত্ৰতায়ে কংগ্ৰেছৰ মানসিকতা উদঙাই দিছে । মুছলিম লীগে দেশক বিভক্ত কৰাত আৰু সেই সময়ত লাখ লোক হত্যাৰ মুল দোষী ।

লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী আৰু বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈক সমালোচনা কৰি কয় প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ শাসন কালৰ এজন অসফল মন্ত্ৰী ।

অসম ভূমি আৰু ইয়াৰ সৌন্দৰ্য্যক প্ৰসংশা কৰি যোগী আদিত্যনাথে কয় এই ভূমিতে বহুতো লিখক, গায়ক, ছবি নিৰ্মাতা, সাহিত্যিকৰ জন্ম হৈছে ।

লগতে অসমৰ সাহিত্যিক লক্ষ্মিনাথ বেজবৰুৱা, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়, সংগীত শিল্পী খগেন মহন্ত, শাস্ত্ৰীয় সংগীত শিল্পী পাৰবিন চুলতান আদিৰ নাম উল্লেখ কৰি প্ৰসংসা কৰে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি