ককেইন জব্দ;আঁঠ জনক গ্ৰেপ্তাৰ

বৰপথাৰ আৰক্ষী থানাৰ এটা দল,সীমান্ত ন্যায়ধীশ প্ৰাঞ্জিত কুমাৰ দেৱ,আছুৰ সমাজকৰ্মী,ধনশিৰী মহকুমাৰ সাংবাদিক দল এটাৰ অভিযানত এটা ঘৰৰ ভিতৰৰ পৰা বৃহৎ পৰিমানৰ ককেইন জব্দ কৰিবলৈ সক্ষম হয় লগতে ৮জন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোক কেইজন চিনাক্ত কৰা হৈছে,সেইকেইজন ক্ৰমে,শিঙীমাৰি বৰপথাৰৰ কালিপদ মজুমদাৰৰ পুত্ৰ সুজিত মজুমদাৰ(৩১), বৰপথাৰৰ ৱাৰ্ড নং ৩ৰ মতলিফ আলীৰ পুত্ৰ হাছান আলী(২১),মনু আলীৰ পুত্ৰ মইনুল আলী(৪৬),দিঘলীপথাৰ গাঁওৰ লতিফ আলীৰ পুত্ৰ নাছিম আলী(৩৪),আনোৱাৰ হুছেইনৰ পুত্ৰ সাজু হুছেইন,বিনয় দেৱৰ পুত্ৰ কিষান দেৱ(২০),বৰপথাৰ কালিবাৰীৰ চন্দন বিশ্বাসৰ পুত্ৰ ৰাজেশ বিশ্বাস,বৰপথাৰৰ ৱাৰ্ড নং ৩ৰ ৰহিমুদ্দিন আহমেদৰ পত্নী ৰহিমজান বেগম(৩৮) আৰু বৰপথাৰ ৱাৰ্ড নং ৩ৰ নচিব আলীৰ পুত্ৰ হামিদ আলী।
আৰক্ষীৰ তথ্যানুসৰি,হামিদ আলীয়ে হৈছে মুল অভিযুক্ত।এই ধৃত জনে ড্ৰাগছ সৰবৰাহ কৰি আন গ্ৰেপ্তাৰ হোৱা লোক কেইজনক ড্ৰাগছ যোগান ধৰে।ধৃত হামিদ আৰক্ষীৰ হাতৰ পৰা পলাবলৈ সক্ষম হয়,কিন্তু আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান অব্যাহত ৰাখিছে।
সেয়ে সদৌ অসম ছাত্ৰ সন্থাই বৰপথাৰ আৰক্ষী থানাৰ সন্মুখত থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু আৰক্ষীৰ নেতৃত্বত থকা অচি ভোলাৰাম বৰাক বৰ্খাস্ত কৰিবলৈ দাবী উত্থাপন কৰে।