কটন বিশ্ববিদ্যালয়ত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন

কটন বিশ্ববিদ্যালয়ত বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন
Published on

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ উচ্চ শিক্ষাৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি এক আলোচনা চক্ৰ আয়োজন কৰা হয়। North East Indian association of applied Phycology ৰ সহযোগত আৰু বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা আলোচনা চক্ৰ খনৰ আত ধৰে বিভাগটোৰ মূৰব্বী অধ্যাপক ড৹ দিম্পী মহন্তই।

বিশ্ববিদ্যালয়ৰ চূডমাৰচন হ'লত অনুষ্ঠিত এক গাম্ভীৰ্য পূৰ্ণ পৰিৱেশত "যুৱ সমাজ আৰু পৰিৱৰ্তনশীল বিশ্বৰ পটভূমিত মানসিক স্বাস্থ্য" শীৰ্ষক বিষয়ক লৈ আলোচনা কৰা হয়। উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাস , শৈক্ষিক পঞ্জীয়ক ড৹ এচ.কে দত্ত , কটন কলিজিয়েটৰ অধ্যক্ষ ড৹ দিপাংকৰ শৰ্মাৰ লগতে বিশ্ববিদ্যালয়ৰ ছাত্র ছাত্ৰী আৰু ভালেকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com