Begin typing your search above and press return to search.

কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণ সম্পন্ন

কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণ সম্পন্ন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Oct 2018 9:56 AM GMT

আজি কিছু পৃথক কটন বিশ্ববিদ্যালয়ৰ চৌহদ । চৌদিশে উখল মাখল পৰিবেশ কিয়নো ঐতিহ্য মণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ ২০১৮-১৯ ৰ নিৰ্বাচন আজি। সকলোৱে একেলগে ওলাই আহিছে, বিভিন্ন পদত প্ৰাৰ্থীত্ব আগবঢ়োৱা প্ৰাৰ্থী সকলে বাটতে সম্ভাষন জনাই সকলো ছাত্ৰ ছাত্ৰীক।

আজিৰ কটনে যি চিন্তা কৰে কাইলৈৰ অসমে সেইকথা ভাৱে বুলি বিশ্বাস কৰা কটনীয়ানৰ অযুত সপোন অযুত আশাক বুকুত বান্ধি নতুন প্ৰজন্মৰ এজাক তৰুণ তৰুণীয়ে আগবঢ়াইছে নিজ নিজ পদত প্ৰাৰ্থীত্ব। ১৬টা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৪৮গৰাকী প্ৰাৰ্থীয়ে। মুঠ ১৮টা পদৰ ভিতৰত দুটা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত দুগৰাকী প্ৰাৰ্থী।

সাধাৰণ সম্পাদক পদৰ বাবে ৪গৰাকী, সভাপতি পদৰ বাবে ৪গৰাকী, সহঃ সাধাৰণ সম্পাদকৰ পদৰ বাবে ৩গৰাকী আৰু উপ-সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৪গৰাকী প্ৰাৰ্থীয়ে। ভোট গ্ৰহণ প্ৰক্ৰিয়া সুন্দৰ ভাৱে হৈ যোৱা বুলি জানিব পৰা গৈছে।

Next Story