Begin typing your search above and press return to search.

কঠিয়াতলী উন্নয়ন খণ্ডৰ লংজাপ গাঁও পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ

কঠিয়াতলী উন্নয়ন খণ্ডৰ লংজাপ গাঁও পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2018 6:27 AM GMT

নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত লংজাপ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । কঠিয়াতলী উন্নয়ন খণ্ডৰ একাংশ বিষয়া, ঠিকাদাৰ, দালাল আৰু পঞ্চায়ত প্ৰতিনিধিয়ে মিলি পঞ্চায়তৰ বিভিন্ন আঁচনি ৰূপায়ণৰ নামত প্ৰায় ডেৰ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে । পঞ্চায়তটোত অনুমোদন হোৱা কোনো আঁচনি বৰ্তমানে কাৰ্যকৰী হোৱা নাই । যাৰ ফলত উন্নয়নৰ মুখ দেখা নাই পঞ্চায়তটোৰ বাসিন্দাই ।

লংজাপ পঞ্চায়তত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পঞ্চায়তটোত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি দুৰ্নীতিত জড়িত সকলোকে সতৰ্ক কৰি দিয়ে । পিছত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ভুক্তভোগী ৰাইজে পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি এমাহৰ ভিতৰত দুৰ্নীতিত জড়িত সকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে দাবী জনায় । উল্লেখ্য যে, এমাহৰ ভিতৰত দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্ত নহলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে ।

Next Story
চাকৰি