কণ কণ ছাত্ৰ ছাত্ৰীৰ কিতাপৰ বোজাৰ ক্ষেত্ৰত কেন্দ্ৰৰ বিশেষ সিদ্ধান্ত

কণ কণ শিশুৰ ওপৰত স্কুল বেগ তথা হোম ৱৰ্কৰ বোজা হ্ৰাস কৰিবলৈ কেন্দ্ৰৰ বিশেষ সিদ্ধান্ত ৷ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক দিব নোৱাৰিব হোম ৱৰ্ক বা ঘৰুৱা কাম ৷দেশজুৰি তাৎক্ষনিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে ৷ ইফালে দেশৰ সকলো ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চললৈ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে নিৰ্দেশনা জাৰি কৰিছে ৷
মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি,কেন্দ্ৰই ধাৰ্য কৰা অনুসৰিহে বিষয়সমূহ কণ কণ ছাত্ৰ ছাত্ৰীসকলক দিব বিদ্যালয়সমূহে ৷ লগতে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী কোনো হোম ৱৰ্ক বা ঘৰুৱা কাম দিব নোৱাৰিব বিদ্যালয়সমূহে ৷ গণিত আৰু ভাষা বিষয়ক পাঠ্যপুথিৰ বাহিৰে অন্য কোনো পাঠ্য পুথি দিব নোৱাৰিব ৷ তৃতীয় শ্ৰেণীৰ পৰা পঞ্চশ্ৰেণীলৈকে NCERT অৰ্থাৎ National Council Of Educational Research And Trainingৰ দ্বাৰা প্ৰস্তুত কৰা ভাষা,গণিত আৰু পৰিবেশ বিজ্ঞানৰ পাঠ্য পুথিহে শিশুসকলক দিব পাৰিব বিদ্যালয়সমূহে ৷
অন্যহাতে,শিশুৱে বিদ্যালয়লৈ নিয়া কিতাপৰ বোজাৰ ক্ষেত্ৰত কঠোৰ হ’ল মন্ত্ৰণালয় ৷ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ১.৫ কিলোগ্ৰাম কিতাপতকৈ বেছি নিব নোৱাৰিব ৷ ইয়াৰ বিপৰীতে তৃতীয় আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক ২ অথবা ৩ কিলোগ্ৰামকৈ ধাৰ্য কৰিছে কিতাপ ৷ ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কিতাপৰ বোজা ৪ কিলোতকৈ বেছি হ’ব নোৱাৰিব ৷ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ধাৰ্য কৰিছে ৪.৫ কিলোগ্ৰাম কিতাপ আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ৫ কিলোগ্ৰাম কিতাপৰ বোজা ধাৰ্য কৰিছে মন্ত্ৰণালয়ে ৷
উল্লেখ্য যে,মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ এই নিৰ্দেশৰ পিছত বিদ্যালয়সমূহে কি পদক্ষেপ ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷
অন্য খবৰৰ বাবে পঢ়ক:ৰাজ্যিক বাতৰি