কন্যাদানৰ মুহুৰ্তটো প্ৰত্যেকগৰাকী পিতৃৰ কাৰণে আৱেগিক মূহুৰ্তঃঅমিতাভ বচ্চন

সম্প্ৰতি সকলোতে চৰ্চাৰ শীৰ্ষত আছে মুকেশ আম্বানিৰ দুহিতা ইশা আম্বানিৰ বিয়াৰ প্ৰসংগই ৷ ১২ ডিচেম্বৰত মুম্বাইৰ বাসগৃহৰ পৰা বিবাহ অনুষ্ঠিত হয় ইশা আম্বানিৰ। ইফালে ইশা আম্বানিৰ বিয়া খনত সম্ৰগ্ৰ বলীউডৰ লগতে ৰাজনৈতিক জগতৰ ৰথী মহাৰথীসকল উপস্থিত থাকে ৷ লগতে থাকে হলীউডৰো শিল্পী ৱিঅ’ন্সে৷ কিন্তু সমগ্ৰ বলীউড মুকেশ আম্বানিৰ বিয়াত উপস্থিত থাকিলেও সকলোৰে দৃষ্টি নিৱদ্ধ আছিল বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ ওপৰত ৷
কাৰণ বিগ বি অমিতাভ বচ্চনে কন্যা দান কৰে ইশা আম্বানিৰ৷ লগতে এক বিশেষ মন্তব্য দাঙি কৰি বিগ বি অমিতাভ বচ্চনে কয় যে,কন্যাদানৰ এই বিশেষ মুহুৰ্ততো প্ৰত্যেক জন পিতৃৰ কাৰণে বহু আৱেগিক মুহুৰ্ত ৷ উল্লেখ্য যে, ইশা আম্বানিৰ বিয়াত বিগ বি অমিতাভ বচ্চনৰ পত্নী জয়া বচ্চন, জীয়ৰী শ্ৰেতা বচ্চন,নাতিনী নব্যা,পুত্ৰ অভিষেক বচ্চন,বোৱাৰী ঐশ্বৰ্য্য ৰায় বচ্চন,নাতি আৰাধ্যা বচ্চন উপস্থিত থাকে। লগতে এই বিয়াৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এখন ফ’টো শ্বেয়াৰ কৰিছে অমিতাভ বচ্চনে৷ আৰু ফ’টোখনৰ লগত লিখিছে ৷ "বিয়াৰ কাৰণে কিন্তু কাৰ বিয়া আপোনালোকে জানিব পাৰিছে ৷
উল্লেখ্য যে,সম্প্ৰতি ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে ফ’টোখন৷ অন্যহাতে,পীৰামল গ্ৰুপৰ চেয়াৰমেন আনন্দ পীৰামলৰ লগত বিবাহ পাশত আৱদ্ধ হৈছে ইশা আম্বানী৷মুকেশ আম্বানি আৰু নীতা আম্বানিৰ জীয়ৰী ইশা আম্বানিৰ বিয়াৰ প্ৰি ৱেডিং অনুষ্ঠানত উপস্থিত আছিল বলীউডৰ ষ্টাৰ চেলীব্ৰেটীসকল। লগতে আমেৰিকাৰ প্ৰাক্তন বিদেশ মন্ত্ৰী হিলাৰী ক্লিন্টন,বিজনেচমেন লক্ষ্মীনিবাস মিত্তল, আদিত্য বিৰলা গ্ৰুপৰ বিষয়া কুমাৰ মংগলম বিৰলাৰ লগতে উপস্থিত থাকে বহু ৰথী মহাৰথী ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন