Begin typing your search above and press return to search.

উত্তৰ পূৰ্বাঞ্চল একগোট হোৱাটো প্ৰয়োজনীয়:NPP শাখা গঠন কৰি মন্তব্য কনৰেড চাংমাৰ

উত্তৰ পূৰ্বাঞ্চল একগোট হোৱাটো প্ৰয়োজনীয়:NPP শাখা গঠন কৰি  মন্তব্য কনৰেড চাংমাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 March 2019 8:38 AM GMT

নেচনেল পিপ'লচ পাৰ্টিৰ সভাপতি তথা মেঘালয় মুখ্যমন্ত্ৰী কনৰেড চাংমাই বুধবাৰে প্ৰকাশ কৰে যে উত্তৰ পূৰ্বাঞ্চলৰ লোক সকলক এক গোট হোৱাটো প্ৰয়োজনীয়, তেতিয়া কেন্দ্ৰৰ সন্মুখত উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰিব পাৰিব । বুধবাৰে অসমত NPP দলৰ শাখা গঠন কৰি এই মন্তব্য কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাই ।

‘NPP দলে উত্তৰ-পূবৰ বাবে মাত মাতি আহিছে, NPP এনেকুৱা দল যি দলে অসমৰ মূল ইছ্যুত মাত মতে, উঃ-পূবৰ সমস্যাত মাত মাতিবলৈ আমাৰ পতাকা ঠিয় কৰিছোঁ কাৰণ দিল্লীয়ে আমাৰ কথা সহজে নুশুনে।’– মন্তব্য কনৰাড চাংমাৰ। পি এ চাংমাই এই দল গঠন কৰিছিল। NPP দলটো ৪ বছৰৰ আগত গঠন কৰিছিল । ‘তেওঁৰ উত্তৰ-পূবক আগুৱাই নিয়াৰ সপোন আছিল, তেওঁ নাই কিন্তু তেওঁৰ সপোন আমি আগুৱাই নিব লাগিব, দিল্লীত চৰকাৰ সলনি হয় কিন্তু আমি একেই থাকোঁ, কোনোবা চৰকাৰে কয় Act East Policy আৰু কোনোবা চৰকাৰে কয় Look East Policy, কিন্তু কামটো আমিয়ে কৰিব লাগিব, CAB অকলে বিৰোধিতা কৰোঁতে গুৰুত্ব দিয়া নাছিল।’বুলি মন্তব্য মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ।

অসমত NPP ৰ আহ্বায়ক হিচাপে দিলিপ কুমাৰ বৰাক নিযুক্তি দিয়া হৈছে । দলটো গঠন কৰাৰ মুল লক্ষ্যই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন। লোকসভা নিৰ্বাচনত NPP দলে উত্তৰ পূৰ্বাঞ্চলত ২৫ খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে । বালাকোটত আক্ৰমণৰ প্ৰমান বিচৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কনৰেড চাংমাই। তেওঁ কয় যে ' আমি সম্পুৰ্ণ দেশৰ সেনা বাহিনীৰ সৈতে আছো । আক্ৰমণৰ প্ৰমান বিচাৰি দেশৰ সেনা জোৱানক অপমান কৰিছে বুলি প্ৰকাশ কৰে কনৰেড চাংমাই ।

Next Story
চাকৰি