Begin typing your search above and press return to search.

কমন ডাটা বেচ সম্পৰ্কে মুকলি আদালতত সবিশেষ দাঙি ধৰাৰ বাবে দিছপুৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

কমন ডাটা বেচ সম্পৰ্কে মুকলি আদালতত সবিশেষ দাঙি ধৰাৰ বাবে দিছপুৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2018 9:47 AM GMT

গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৯ চনৰ জানুৱাৰীৰ ৩১ তাৰিখৰ আগতে সন্দেহ যুক্ত নাগৰিক বুলি ঘোষণা কৰা সকলৰ সাধাৰণ তথ্য কোষ সম্পৰ্কে মুকলি আদালতত সবিশেষ প্ৰতিবেদন ডাঙি ধৰাৰ বাবে দিছপুৰক নিৰ্দেশ প্ৰদান কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিব, সীমান্ত আৰক্ষীৰ অতিৰিক্ত আৰক্ষী মহানিৰ্দেশক, ৰাজ্যিক মুখ্য নিৰ্বাচন আয়ুক্তক চলিত বৰ্ষৰ ১৩ নবেম্বৰত চমন জাৰি কৰি ডিচেম্বৰৰ ৬ তাৰিখে আদালতৰ আগত আঠ মাহৰ পিছতো কিয় কমন ডাটা বেচ প্ৰস্তুত হৈ উঠা নাই এই সম্পৰ্কে উত্তৰ দিয়াৰ বাবে নিৰ্দেশ দিছিল।

বৃহস্পতি বাৰে আটাইকেইজন উচ্চ পৰ্যায়ৰ বিষয়াই উচ্চ ন্যায়ালত উপস্থিত থাকি ন্যায়ালয়ৰ পৰা আৰু ছমাহ অতিৰিক্ত সময়

বিছাৰে। বিষয়াসকলে উচ্চ ন্যায়ালয়ক কয় যে কমন ডাটা বেচৰ প্ৰস্তুতি চলি আছে আৰু ই সম্পুৰ্ণ হবলৈ অতিৰিক্ত ছমাহ সময়ৰ প্ৰয়োজন হব। গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়া সকলৰ অতিৰিক্ত সময়ৰ দাবীক নাকচ কৰি কমন ডাটা বেচৰ অগ্ৰগতি সম্পৰ্কে এক প্ৰতিবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি