Begin typing your search above and press return to search.

কলকাতাত অমিত শ্বাহৰ ৰোড শ্বত বিজেপিৰ কৰ্মীক প্ৰহাৰক লৈ বিজেপিৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল

কলকাতাত অমিত শ্বাহৰ ৰোড শ্বত বিজেপিৰ কৰ্মীক প্ৰহাৰক লৈ বিজেপিৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 May 2019 12:24 PM GMT

আজি অসম ৰাজ্যিক বিজেপিৰ কাৰ্যালয় পৰা প্ৰতিবাদী সমদল উলিয়াই বিজেপি কৰ্মীয়ে। মংগলবাৰে কলকাতাত অমিত শ্বাহৰ ৰোডশ্বত বিজেপি কৰ্মীক প্ৰহাৰৰ ঘটনাৰ প্ৰতিবাদ জনাই আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীতে মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ কৰা হয়।

কালি কলকাতাত অমিত শ্বাহৰ ৰোডশ্ব হিংসাত্মক ঘটনা সংঘটিত হৈছিল । আৰক্ষীৰে বিজেপি কৰ্মী- সমৰ্থকৰ হতাহতি ঘটনা সংঘটিত হৈছিল । কলকাতা বিশ্ববিদ্যালয়ৰ সমিপত বিজেপিৰ কৰ্মীৰ প্ৰহাৰক লৈ এক উত্তপ্ত পৰিষ্ঠিতিৰ সৃষ্টি হৈছিল ।

মমতা বেনাৰ্জীৰ গুন্দাবাহিনীয়ে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে বুলি প্ৰকাশ কৰাৰ লগতে পশ্চিম বংগত মমতা বেনাৰ্জীয়ে যি একচত্ৰী সাম্ৰাজ্য চলাই আছে তাৰ তীব্ৰ প্ৰতিবাদ জনাই আজি এই কাৰ্যৰ যোগেদি ।

এই ঘটনাৰ তীব্ৰ গৰিহণা বিজেপি কৰ্মীৰ । কলকাতা এই ঘটনাক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কৈছিল যে সৰ্ব সাধাৰণ ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে পশ্চিম বংগৰ চৰকাৰ বুলি প্ৰকাশ কৰে সৰ্বানন্দ সোনোৱালে।

আজি এই কাৰ্যৰ প্ৰতিবাদ জনাই মৌন সমদল উলিয়াই ৰাজ্যিক বিজেপি কৰ্মীয়ে । মমতা বেনাৰ্জীৰ বিৰোধী বিভিন্ন শ্লোগানৰে উত্তাল কৰি তোলে পৰিবেশ ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি