কলাইগাঁওত প্ৰধানমন্ত্ৰী আবাস যোজনা ৰূপায়ণৰ নামত বৃহৎ কেলেংকাৰী

কলাইগাঁওত প্ৰধানমন্ত্ৰী আবাস যোজনা ৰূপায়ণৰ নামত বৃহৎ কেলেংকাৰী
Published on

দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে অভিযোগ উত্থাপন কৰিছে যে ওদালগুৰি জিলাৰ কলাইগাঁও উন্নয়নৰ খণ্ডৰ অধিনত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে । ওদালগুৰি প্ৰেছ ক্লাৱত দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে এক সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত সম্পাদক ধৰ্মকান্ত গগৈ আৰু সাধাৰণ সম্পাদক সীমান্ত দাস উপস্থিত থাকে । সংবাদমেলতে ৰানীপুখুৰী অঞ্চলৰ চাহাজুদ্দিন আলি আৰু ইশ্বাক আলিয়ে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ কথা প্ৰকাশ কৰে। ৰানীপুখুৰী ভিচিডিচি অধক্ষ্যয়ে চাহাজুদ্দিন আলিক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ আবন্টনৰ নামত ৫০০০ টকা লৈছিল বুলি কয়। তাৰ পাছত অফিচিয়েল কামত চাহাজুদ্দিন আলিয়ে ব্লেংক ছেকত চহী কৰিছিল । অফিচিয়েল ৰেকৰ্ড মতে একাউণ্টৰ পৰা ৩২,৫০০ উলিওৱা হয় । কিন্তু চাহাজুদ্দিনে এক টকাও লাভ কৰা নাই বুলি প্ৰকাশ কৰে ।

দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে ইয়াৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ।ধৰ্মকান্ত গগৈয়ে ৰাজ্য চৰকাৰক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ আবন্টিত ধনৰ পৰিমান বৃদ্ধি কৰিবলৈ আবেদন জনাই । এই আঁচনিৰ আবন্টিত গৃহ সমূহৰ সামগ্ৰীও অতি নিম্ন মানদণ্ডৰ বুলি প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত সংঘটিত অনিয়ম বাবে ছাত্ৰ সংগঠনটোয়ে ডিমাকুচি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com