Begin typing your search above and press return to search.

কলাইগাঁৱত মেজিক চালকৰ ৰহস্যজনক মৃত্যু

কলাইগাঁৱত মেজিক চালকৰ ৰহস্যজনক মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Oct 2018 1:31 PM GMT

কলাইগাঁও থানাৰ অন্তৰ্গত ভোলাবাৰী বাগিচাত যোৱা ৭ অক্টোবৰত ডিম্বেশ্বৰ বড়ো (২৯) নামৰ মেজিক চালক এগৰাকীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে শুক্ৰবাৰে কলাইগাঁও চহৰত সংগঠন কেইটাই শান্তি সমদল উলিয়াই এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।দিনৰ ১১-৩০ বজাত এবছুৰ কলাইগাঁও আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ পৰা বৃহৎ সমদল উলিয়াই নিৰপৰাধী ডিম্বেশ্বৰ বড়োৰ মৃত্যুৰ ন্যায় প্ৰদান কৰা, হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰা , ডিম্বেশ্বৰ বড়োৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়া,শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায় ।

উল্লেখ্য যে সমগ্ৰ কলাইগাঁও চহৰখনত উলিওৱা শান্তি সমদলৰ অন্তত সংশ্লিষ্ট দাবীৰ সমৰ্থনত কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ওদালগুৰি জিলাৰ উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে । ইপিনে সংগঠন কেইটাই এয়া কোনো দুৰ্ঘটনা নহয় পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি যদি দুৰ্ঘটনাত ডিম্বেশ্বৰ বড়োৰ মৃত্যু হৈছে তেনেহলে কিয় ঘৰত খবৰ কৰা নহ'ল ,কলাইগাঁৱত চিকিৎসালয় থকা স্বত্বেও কিয় পোনে পোনে মঙলদৈৰ চিকিৎসালয়লৈ নিয়া হ'ল ,ঘটনাৰ সময় আৰু স্থানৰ সন্দেহ আদি অভিযোগ কৰি সম্পূৰ্ণ পৰিকল্পিত ভাৱে ডিম্বেশ্বৰক হত্যা কৰা হ'ল বুলি গুৰুতৰ অভিযোগ কৰে।

বৰক'লাৰ কলিতাপাৰা নিবাসী মেজিক চালক ডিম্বেশ্বৰ বড়ো দুৰ্ঘটনাত মৃত্যু হোৱা বুলি চৰ্চা চলিছিল যদিও কেইবাজনো চালক বন্ধুৰ সৈতে সেইদিনাখন নিশা সকাম খাবলৈ গৈ আকস্মিক ভাৱে মৃত্যুক সাবটি লোৱা ঘটনাই সবৰ্তে চাঞ্চল্য তথা সন্দেহ ঘনীভূত হৈছিল ।আনহাতে ডিম্বেশ্বৰ বড়োৰ মাতৃ তপেশ্বৰী বড়োৱে ডিম্বেশ্বৰক পৰিকল্পিত ভাৱে হত্যা কৰা বুলি অভিযোগ তুলি কলাইগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে ডিম্বেশ্বৰৰ বন্ধু মণি ডেকা ,ৰমেন ডেকা আৰু ত্ৰৈলোক্য মহন্তক গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰি তদন্ত অব্যাহত ৰাখিছে ।

Next Story
চাকৰি