Begin typing your search above and press return to search.

কলিয়াবৰত অমিত শ্বাহ: শ্ৰীমন্ত শংকৰদেৱ আৰু ভূপেন হাজৰিকাক সুৱৰি ভাষন আৰম্ভ শ্বাহৰ

কলিয়াবৰত অমিত শ্বাহ: শ্ৰীমন্ত শংকৰদেৱ আৰু ভূপেন হাজৰিকাক সুৱৰি ভাষন আৰম্ভ শ্বাহৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 March 2019 12:58 PM GMT

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ । আজি কলিয়াবৰৰ জনসভাত অংশগ্ৰহন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ । শ্ৰীমন্ত শঙ্কৰদেৱৰ আৰু ডঃ ভূপেন হাজৰিকাক সুৱেৰি ভাষন আৰম্ভ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে ।গোপীনাথ বৰদলৈকো সুৱেৰি ভাষন প্ৰদান কৰে। অমিত শ্বাহৰ লগত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ , অগপৰ সভাপতি অতুল বৰা , মন্ত্ৰী কেশৱ মহন্ত আৰু কেইবা গৰাকীও নেতা ।

কলিয়াবৰৰ অগপ বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী মনি মাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাই অমিত শ্বাহে।

ভাষনৰ প্ৰসংগ উল্লেখ কৰে পূৰ্বৰ চৰকাৰে কাজিৰঙাত বাস কৰা অবৈধ লোকক বহিস্কাৰ কৰিব নোৱাৰিলে কিন্ত মুখ্যমন্ত্ৰী সোণোৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা আৰু অসমৰ ২০০একৰ মাটি বেদখল মুক্ত কৰিলে। প্ৰধান মন্ত্ৰী মোদীয়ে ১২৫৯ কোটি টকা ব্যয় কৰি অসমত বাইও ৰিফাইনাৰী আনিছে । ১৯৮৫ চনত ৰাহুল গান্ধীৰ পিতৃ যেতিয়া সেই সময়ত প্ৰধান মন্ত্ৰী আছিল তেতিয়া অসম চুক্তি স্বাক্ষৰ হৈছিল কিন্তু সেই অসম চুক্তি কংগ্ৰেছে আজি লৈকে ৰূপায়ন কৰিব নোৱাৰিলে,যাৰ ফলত অসমত অসমৰ ভাষা,সংস্কৃতি বিপদাপন্ন হৈছে। এইবাৰ আকৌ যদি মোদী প্ৰধান মন্ত্ৰী হয় তেনেহলে অসমৰ ভাষা,সংস্কৃতি ৰক্ষা কৰিব। অসমত হোৱা মিত্ৰ জোঁটৰ চৰকাৰে পুনৰ এবাৰ অসমৰ ৰাইজক সেৱা কৰিব ওলাইছে আৰু এই মিত্ৰ জোঁটৰ চৰকাৰে অসমৰ ১৪ খন আসন পাবলৈ সক্ষম হব। সভাপতি গৰাকীয়ে উল্লেখ কৰে যে তেওঁৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস আছে যে নৰেন্দ্ৰ মোদী পুনৰ ভাৰতৰ প্ৰধান মন্ত্ৰী হব।

‘১৪খন আসনতেই আমি জয়ৰ লক্ষ্যৰে খেলিম নিৰ্বাচন ' বুলি নিৰ্বাচনী প্ৰচাৰ সভাত অমিত শ্বাহে মন্তব্য কৰে । ‘৭০ বছৰীয়া শাসনকালত অসমৰ একো নকৰিলে কংগ্ৰেছে, ৫ বছৰত অসমৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৩ লাখ কোটি টকা দিছিল, ইয়াৰ উপৰিও ৭০ হাজাৰ কোটি টকা অতিৰিক্তভাৱে দিলে, কিন্তু ১০ বছৰত ৫০ হাজাৰ কোটি টকাহে দিলে কংগ্ৰেছে। বগীবিল, ধলা-শদিয়া দলং, ৰেল’ৰ দ্বৈতকৰণেই প্ৰমাণ বুলি প্ৰকাশ কৰি কংগ্ৰেছক তীক্ষ্ণ সমালোচনা বিজেপিৰ সভাপতিজনৰ। ‘কংগ্ৰেছৰ শাসনকালত চিকাৰ কৰা হৈছিল এশিঙীয়া গঁড়ৰ, কাজিৰঙাত বাংলাদেশীক বহুৱাইছিল কংগ্ৰেছে, ‘আমাৰ চৰকাৰ অহাৰ পিছত বন্ধ হ’ল গঁড় হত্যা, গঁড় হত্যাকাৰীক প্ৰদান কৰা হ’ল কঠোৰ শাস্তি, কাজিৰঙাৰ পৰা উচ্ছেদ কৰা হ’ল বাংলাদেশীক বুলি মন্তব্য কৰে শ্বাহে।

‘দেশৰ ওপৰত হোৱা প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়া হৈছে, ঘৰৰ ভিতৰত সোমাই প্ৰত্যুত্তৰ দিয়া হৈছে পাকিস্তানক, চাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকেৰে দিছো প্ৰত্যুত্তৰ, জোৱানৰ তেজৰ মূল্য এইখন চৰকাৰে অথলে যাবলৈ নিদিয়ে বুলি উদাত্ত ভাষণেৰে বিজেপি সভাপতিগৰাকীৰে আজি ৰনডংগা বজাই অমিত শ্বাহে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি