কাইলৈৰ পৰা খালৈগাঁৱৰ শ্ৰী শ্ৰী জগতগুৰু পুথিভঁড়ালৰ সোণালী জয়ন্তী

কাইলৈৰ পৰা খালৈগাঁৱৰ শ্ৰী শ্ৰী জগতগুৰু পুথিভঁড়ালৰ সোণালী জয়ন্তী
Published on

১৯৬৮ চনৰ ১৫ আগষ্টত নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং অঞ্চলৰ অন্তৰ্গত খালৈগাঁৱত কেইগৰাকীমান দূৰদৰ্শী ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টা আৰু সু-চিন্তাৰ ফচলৰূপে জন্ম লাভ কৰা শ্ৰী শ্ৰী জগতগুৰু পুথিভঁড়ালে এই বৰ্ষত গৌৰৱজ্বল ৫০ তম বৰ্ষত ভৰি দিলে। তদুপলক্ষে বৃহত্তৰ অঞ্চলটিৰ শৈক্ষিক, বৌদ্ধিক উত্তৰণত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা অনুষ্ঠানটিৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন আজিৰেপৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ব।

কাৰ্যসূচী অনুসৰি, পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পিছত দিনৰ ১০.৩০ এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। বিয়লিলৈ এখনি আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ অন্তত সন্ধ্যা বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়িত হ'ব। সন্ধ্যা ৭ বজাৰ পৰা স্থানীয় মহিলাসকলৰ দ্বাৰা 'হৰিচন্দ্ৰ পালা' মঞ্চস্থ কৰা হ'ব। ২৭ অক্টোবৰৰ পুৱা বৃক্ষৰোপণ কাৰ্যসূচী আৰু দিনৰ ভাগত কবিতা আবৃত্তি, আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

সন্ধ্যালৈ আমন্ত্ৰিত কেইবাজনো জনপ্ৰিয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হ'ব। আনহাতে, ২৮ অক্টোবৰত পুৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ অন্তত দিনৰ ১ বজাত এক মুকলি আলোচনা চক্ৰ অনুষ্ঠিত হ'ব য'ত মুখ্য অতিথিৰূপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক ড° লক্ষ্মীনন্দন বৰা। শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত ড° সঞ্জীৱ বৰকাকতিৰ সঞ্চালনাত অনুষ্ঠিত হ'ব লগা আলোচনা চক্ৰখনিত বিশিষ্ট অতিথিৰূপে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা আৰু বিশিষ্ট সাহিত্যিক শিৱানন্দ কাকতি অংশ লোৱাৰ লগতে নিদিষ্ট বক্তাৰূপে ভাগ ল'ব সাহিত্যিক দ্বয় দেৱাংগ পল্লৱ শইকীয়া আৰু শমিষ্ঠা প্ৰীতমে।

সন্ধিয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব য'ত মৰিগাঁৱৰ সাঁচিপাত গোষ্ঠীৰদ্বাৰা ' খোলবাদন আৰু ভোৰতাল নৃত্য', ধিঙৰ সমন্বয় গোষ্ঠীৰ 'বাহীবাদন', কৰ্কট ৰোগী সকলৰ সাহাৰ্যৰ্থে 'অকিলিচ আছাইকেদৰ সংগীতানুষ্ঠান' আৰু শিল্পী জুমন গায়নৰ সত্ৰীয়া অনুষ্ঠান আদি পৰিবেশন কৰা হ'ব। নিশালৈ জনপ্ৰিয় কণ্ঠশিল্পী জিতু শ্ৰাৱনকে ধৰি কেইবাজনো আগশাৰীৰ কণ্ঠশিল্পীয়ে সংগীতানুষ্ঠান পৰিবেশন কৰিব বুলি সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক নেত্ৰকমল মহন্তই জানিবলৈ দিছে। খালৈগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা তিনিদিনীয়া কাৰ্যসূচীত বৃহত্তৰ হাতীচোং অঞ্চলৰ সমূহ ৰাইজৰ সহায় সহযোগ কামনা কৰিছে উদ্যোক্তা সমিতিয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com