ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ যোৱা ১৮ সংখ্যক এছিয়ান গেমছত অসম কন্যা হিমা দাসে কাইলৈ অসমৰ মাটিত ভৰি দিব।কাইলৈ দিনৰ এক বজাত বৰঝাৰস্থিত লোকপ্ৰিয় গোপিনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হ'ব হিমা।বিমানবন্দৰত ধিং এক্সপ্ৰেছ খ্যাত হিমাক স্বাগতম জনাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।জালুকবাৰীস্থিত ভূপেন হাজৰীকা সমাধি ক্ষেত্ৰত আৰ্শীবাদ গ্ৰহন কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক সম্বৰ্ধনা অনুষ্ঠানত অংশ ল'ব তাৰকা দৌৰবিদ গৰাকীয়ে।তাৰ পাছত এক সংবাদমেল সম্বোধন কৰিব হিমাই।কলাক্ষেত্ৰৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমাক ১ কোটি ৬০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব।হিমাই এছিয়ান গেমছত এটা স্বৰ্ণ পদক আৰু দুটা ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল।
Begin typing your search above and press return to search.