Begin typing your search above and press return to search.
কাগজ কলৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিব সাংসদ সুস্মিতা দেৱে

শিলচৰ লোকসভা সমষ্টিৰ সাংসদ সুস্মিতা দেৱে কাচাৰ কাগজ কলৰ দুৰবস্থাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিবলৈ সাজু হৈছে।ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কাগজ কলৰ একো ব্যৱস্থা নোলোৱা বুলি দাবী কৰে।লগতে কয় যে বৰাক উপত্যকাৰ কাচাৰ কাগজ কলেই একমাত্ৰ বৃহৎ উদ্যোগ আৰু তাত বহুত মানুহে কাম কৰি আছে,যদি কাগজ কলতো বন্ধ হৈ যায় লোকসকলৰ ভৱিস্যত অন্ধকাৰ হৈ পৰিব।তেওঁলোকে ইতিমধ্যে ১৮ মাহে দৰমহা পোৱা নাই,তাৰ বাবে কৰ্মচাৰী সকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে।সাংসদ দেৱে অতি সোনকালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সহায় বিচাৰি পত্ৰ লিখাৰ বাবে সাজু হৈছে।
Next Story