কামপুৰত বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ অভিযুক্তক মহিলাৰ ৰাজহুৱা শাস্তি

কামপুৰত বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ অভিযুক্তক মহিলাৰ ৰাজহুৱা শাস্তি

কামপুৰ অাৰক্ষী থানাৰ অন্তৰ্গত দেউৰীগাঁৱত যোৱা ৭ ছেপ্তেম্বৰত তৃষ্ণা কলিতা নামৰ মহিলা গৰাকীৰ মৃতদেহ ৰহস্যজনক ভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল নিজৰ ঘৰৰ চৌহদত ।

উক্ত ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত অাছিল মৃত তৃষ্ণা কলিতাৰ স্বামী প্ৰমোদ কলিতা অাৰু পংকজ নাথ নামৰ ব্যক্তিজন । কিন্তু ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰাই পলায়ন কৰি অাছিল অভিযুক্ত পংকজ নাথে ।

অাজি ওচৰৰ এখন গাঁৱৰ পৰা পংকজ নাথক স্থানীয় ৰাইজে অাটক কৰি ৰাজহুৱা শাস্তি প্ৰদান কৰে । উত্তেজিত মহিলাই পংকজ নাথক প্ৰহাৰ কৰি, চূণ সানি, চুলি কাটি, চেণ্ডেলৰ মালা পিন্ধাই ৰাজপথেৰে সমদল কৰাই নিয়ে । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পংকজ নাথক থানালৈ লৈ আনে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com