কামৰূপ জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি তুংগত:শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বদ্ধ পৰিকৰ কামৰূপৰ উপায়ুক্ত বীৰেন্দ্ৰ মিটাল

ৰাজ্যত সম্প্ৰতি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে উখল মাখল পৰিবেশ ৷ কামৰূপ জিলাটো নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি তুংগত উঠিছে ৷ জিলাখনত ৫ ডিচেম্বৰত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰে সোমবাৰে বিয়লি ৩ বজাত । ইফালে ৫ ডিচেম্বৰৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ জিলাখনত ২১টা পঞ্চায়তত ভোটগ্ৰহন অনুস্থিত হ’ব ৷
জিলাখনত যাতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত কৰিব পাৰে সেই বিষয়ে তদাৰক কৰিব ৩৪ জন বিষয়াই।সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত জিলা খনৰ উপায়ুক্ত বিৰেন্দ্ৰ মিটালে কয় যে,জিলা পৰিষদৰ ৬ টা পদৰ বাবে ১৯ জন প্ৰাৰ্থী,আঞ্চলিক পঞ্চায়ত ৩ টা পদৰ বাবে ৫৬ জন প্ৰাৰ্থী,গাঁও পঞ্চায়তৰ সভাপতি ২১ টা পদৰ বাবে ৭২ জন প্ৰাৰ্থী,গাওঁ পঞ্চায়তৰ সদস্য পদৰ বাবে ৫৩৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ৷
ইফালে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৬৮৬ জন প্ৰাৰ্থীৰ ভিতৰত ১৩১ গৰাকী প্ৰাৰ্থী হৈছে মহিলা। অন্যহাতে বিজেপি ৬ জন গাঁও পঞ্চায়ত সদস্য আৰু কংগ্ৰেছৰ ৪ জন সদস্য নিৰ্বাচনত জয় লাভ কৰিছে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৷উল্লেখ্য যে, জিলাখনত ৫ ডিচেম্বৰত হোৱা পঞ্চায়ত নিৰ্বাচনত ১,৮৮,৯৪৩ ভোটাৰে ভোটদান কৰিব। ইয়াৰে ৯৪,৯০৪ জন পুৰুষ ৷ ইয়াৰ বিপৰীতে ৯৪,০৩৯ গৰাকী মহিলা৷ লগতে জিলাখনত ৫ ডিচেম্বৰত হোৱা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত "ড্ৰাই ড্ৰে" হিচাপে ঘোষণা কৰিছে উপায়ুক্ত বীৰেন্দ্ৰ মিটালে ৷
অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি