কাস্মীৰৰ প্ৰথমগৰাকী মুছলমান মহিলা পাইলট হিচাপে পৰিগনিত হৈছে ইৰাম হাবিব।তেওঁ অহা মাহত এটা ব্যক্তিগত খণ্ডৰ বিমান সেৱা কোম্পানীত যোগদান কৰিব।৩০ বছৰীয়া হাবিব কাস্মীৰি পণ্ডিত যুৱতী তনভি ৰাইনাৰ পাছত কাস্মীৰৰ দ্বিতীয়গৰাকী মহিলা পাইলট।তনভি ৰাইনাই ২০১৬ চনত এয়াৰ ইণ্ডিয়াত যোগদান কৰিছিল।মুছলমান যুৱতী হোৱাৰ বাবে হাবিবৰ এই যাত্ৰা অতি সংঘাতপূৰ্ণ আছিল।ইৰামৰ পিতৃ চৰকাৰী চিকিৎসালৰ ছাৰ্জাৰী বিভাগৰ সামগ্ৰী যোগান ধৰোঁতা।ইৰাম হাবিব অৰণ্যবিদ্যা বিষয়ৰ ডক্টৰেট ডিগ্ৰীধাৰী।তেওঁৰ বাল্যকালৰ সপোন আছিল এগৰাকী পাইলট হোৱাৰ।
Begin typing your search above and press return to search.