কাৰ্বিআংলঙত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এজাহাৰ দাখিল

কাৰ্বিআংলঙত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এজাহাৰ দাখিল

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে বিধায়ক শিলাদিত্য দেৱ ,বৰাকৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ,কংগ্ৰেছী নেতা চন্দন সৰকাৰ ,শিলচৰৰ প্ৰদীপ দত্ত ৰয় , বিটিচিৰ শ্যামল সৰকাৰ আৰু বেংগলী যুৱ-ছাত্র ফেডাৰেচনৰ সুকমাৰ বিশ্বাসৰ বিৰুদ্ধে বহুবাৰ সংবাদ মাধ্যম তথা টেলিভিছন চেনেলত গোষ্ঠীগত সংঘৰ্ষ হব পৰা ,আইন শৃংখলা পৰিস্থিতি সৃষ্টি হব পৰা ধৰণৰ সাম্প্ৰদায়িক আৰু উচটনি মূলক বক্তব্য ও মন্তব্য ৰখাৰ অভিযোগ উত্থাপন কৰি বোকাজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।

ইতিমধ্যে ধলা শদিয়াৰ খেৰবাৰীত ৫ জনকৈ নিৰীহ ব্যক্তিক সশস্ত্ৰ যুৱক তথা দুৰ্বৃত্তৰ দলে হত্যা কৰাৰ পিছত ৰাজ্য খনত অগ্নিগৰ্ভ পৰিস্থিতি বিৰাজ কৰি থকা অৱস্থাতো উল্লেখিত ব্যক্তি কেইজনে বাৰে বাৰে টেলিভিছন চেনেলৰ সন্মুখত সাম্প্ৰদায়িক উক্তি , মন্তব্য কৰি বিষবাস্প বিয়পাইছে বুলি অভিযোগ আনি আটাইকেইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি আইনগত ব্যৱস্থা গ্ৰহন কৰিবৰ বাবে এজাহাৰত উল্লেখ কৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com