Begin typing your search above and press return to search.

কাৰ্বি আংলংত দুস্কৃতিকাৰীয়ে ধনশিৰী নদীৰ বাবে কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি

কাৰ্বি আংলংত দুস্কৃতিকাৰীয়ে ধনশিৰী নদীৰ বাবে কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Oct 2018 9:59 AM GMT

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ অঞ্চলৰ ধনশিৰী নদীত মেচিনেৰে বালি সংগ্ৰহৰ সমান্তৰালকৈ এতিয়া দুস্কৃতিকাৰীয়ে ঠায়ে ঠায়ে বাহৰ বেৰা দি জালৰ সহায়ত কিছু দিনৰ পৰা অবৈধ ভাবে মাছ ধৰি একপ্ৰকাৰ নদী খনৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই আনিছে । ইয়াৰ ফলত ধনশিৰী নদীৰ জলচৰ জীৱকুলৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ।

উল্লেখযোগ্য যে শিলনীজান আঞ্চলিক বন বিভাগৰ অধীনস্থ ধনশিৰী নদীৰ কেইবা ঠাইতো বন আইন উলংঘা কৰি মেচিনেৰে বালি সংগ্ৰহ অভিযান পূৰ্ণ গতিত চলি থকাৰ বাতৰি ইতিমধ্যে আমি সবিস্তাৰে সম্পচাৰিত কৰিছোঁ । মেচিনেৰ সহায়ত কৰা অবাধ বালি খননে নদীখনৰ প্ৰাকৃতিক চৰিত্ৰত বাধা আৰোপ কৰিছে । কাষৰীয়া স্থানীয় ৰাইজৰ অভিযোগ মতে প্ৰতিবছৰে ধনশিৰী নদীৰ গৰা খহনীয়াই নদী কাষৰীয়া ৰাইজক সৰ্বস্বান্ত কৰিছে আৰু এই মেচিনেৰে বালি তোলা কাৰ্য্যই ও খহনীয়াত অৰিহনা যোগাইছে ।

এইক্ষেত্ৰত চৰকাৰ তথা বন বিভাগে কোনো পদক্ষেপ কৰাৰ পৰিবৰ্তে দুস্কৃতিকাৰীৰ দ্বাৰা নতুনকৈ বেআইনী ভাবে কেইবা ঠাইটো নদীত বাহৰ বেৰা দি জালৰ সহায়ত দিনে নিশাই মাছ ধৰা কাৰ্য্য সংঘটিত হৈছে ।ধনশিৰী নদীত শিলনীজান বন বিভাগৰ অধীনস্থ ধনশিৰী নদীৰ এই অঞ্চল বিলাকত সংঘটিত হৈ থকা এই অবৈধ আৰু নদীৰ জৈৱ বৈশিষ্ট্যৰ প্ৰতি ভাবুকি স্বৰূপ কৰ্ম কাণ্ড‌ই সচেতন মহলৰ চকু কপালত তুলিছে । নগাপাহাৰৰ উৎসৰ পৰা সৰুপথাৰ, বোকাজান হৈ গোলাঘাটৰ মাজেৰে বৈ গৈ ব্ৰহ্মপুত্ৰত পৰা ধনশিৰী অসমৰ এখন উল্লেখযোগ্য নদী। ইতিহাস প্ৰসিদ্ধ ধনশিৰী নদী বৰপথাৰৰ প্ৰাণস্বৰূপ । ধনশিৰী বৰপথাৰ বাসীৰ মাতৃ স্বৰূপ। প্ৰদূষণমুক্ত কৰি ধনশিৰীক বচাবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে স্থানীয় প্ৰকৃতি প্ৰেমী সচেতন নাগৰিকে ।

Next Story
চাকৰি