Begin typing your search above and press return to search.

কিছুসময়ত বিভাগীয় বিষয়াসকলে নিজৰ দায়িত্ব পালন নকৰেঃশিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

কিছুসময়ত বিভাগীয় বিষয়াসকলে নিজৰ দায়িত্ব পালন নকৰেঃশিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Feb 2019 7:20 AM GMT

ৰাজ্যৰ শিক্ষা বিভাগৰ বিষয়াসকলক লৈ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অসম বিধানসভাত বিৰোধীৰ প্ৰশ্নৰ উত্তৰত মন্তব্য কৰে যে কিছু সময়ত শিক্ষা বিভাগৰ লগত নিয়োজিত বিষয়াসকলে দায়িত্ব সহকাৰে কাম নকৰে ৷ বুধবাৰে অসম বিধানসভাত ৰাজ্যত সম্প্ৰতি খালী হৈ থকা পদ সমূহৰ বিষয়ে আলোচনা হৈছিল ৷এই সময়তে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে যেতিয়া এজন শিক্ষক বিদ্যালয় অথবা মহাবিদ্যালয়ৰ পৰা অৱসৰ লয়,তেতিয়া অৱসৰ লোৱা সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষক নজনায় ৷কাৰণ সেই খালী হোৱা পদটোৰ সম্পৰ্কত স্পষ্টীকৰণ পালেহে আকৌ সেই পদটোত নিযুক্তি দিব পাৰে ৷

সম্প্ৰতি আমি বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰণে এই নিয়ম কৰিছোঁ,যে কোনো এজন শিক্ষকে অৱসৰ লোৱাৰ ছয়মাহৰ পূৰ্বে এই সম্পৰ্কত জনাব লাগিব৷ এই সময়তে এআইইউডিএফৰ বিধায়ক নুৰুল হুদাই কয় যে বিদ্যালয়ৰ নিৰীক্ষক আৰু শিক্ষা বিষয়াসকলৰ বিদ্যালয়সমূহৰ শিক্ষকৰ অৱসৰ লোৱাৰ সম্পৰ্কে জ্ঞাত ৷এই ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধান শিক্ষক অথবা অধ্যক্ষ সকলৰ প্ৰতিবেদনৰ পূৰ্বেই বিদ্যালয়ৰ নিৰীক্ষক বা শিক্ষা বিষয়া সকলে যাৱতীয় ব্যৱস্থা ল’ব পাৰে ৷ ইয়াৰ পিছতে শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই কয় যে সমস্যা আছে ৷ কেতিয়াবা বিষয়াসকলে যেনেধৰণে কাম কৰিব লাগে,তেনেধৰণে কাম নকৰে ৷ তেওঁলোকে নিজৰ দায়িত্ব গুৰত্ব সহকাৰে পালন নকৰে ৷ আৰু এইটো নতুন কথা নহয় ৷ এনেধৰণে পূৰ্বৰে পৰা চলি আহিছে ৷ খালী হোৱা তথা অৱসৰ লোৱা পদসমূহত নিযুক্তি হওঁতে সময় লাগে ৷

গতিকে,আমি পদক্ষেপ লৈছো যে শিক্ষকসকলে অৱসৰ লোৱাৰ ছয় মাহৰ পূৰ্বেই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাব লাগিব ৷ৰাজ্যৰ শিক্ষক পদৰ নিযুক্তিৰ সন্দৰ্ভত মন্ত্ৰী ভট্টাচাৰ্যই কয় যে,নিম্ন প্ৰাথমিক বিদ্যালয়ত ১২,১০০ টা পদ,উচ্চ প্ৰাথমিক বিদ্যালয়ত ৮,০৬৫ টা পদ,উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৭,১১৮ টা,মাদ্ৰাছা আৰু আৰবী বিদ্যালয়তো ৪৮০ টা পদ খালী হৈ আছে ৷ সম্প্ৰতি এই খালী হৈ থকা পদসমূহৰ কাৰণে ২০,০০০ "টেট" উত্তীৰ্ণ হৈছে ৷ লগতে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে, কিছু সময়ত শিক্ষা বিভাগৰ নিযুক্তিৰ সময়ত আদালতৰ মেৰপাকত সোমাব লগা হয় কাৰণেই নিযুক্তি প্ৰক্ৰিয়াটো অত্যন্ত দীঘলীয়া হয় ৷ আমাৰ পৰৱৰ্তী পদক্ষেপত জিলা স্তৰৰ শিক্ষক নিযুক্তিকৰণ হ’ব বুলি আশ্বাস প্ৰদান কৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি