Begin typing your search above and press return to search.

“কিশোৰ কুমাৰ”ৰ ৮৯সংখ্যক জন্মবাৰ্ষিক

“কিশোৰ কুমাৰ”ৰ ৮৯সংখ্যক জন্মবাৰ্ষিক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 9:10 AM GMT

কিশোৰ কুমাৰ ভাৰতীয় ছবি জগতৰ এগৰাকী কিংবদন্তি ব্যক্তি।এইবাৰ তেওঁৰ ৮৯ সংখ্যক জন্মবাৰ্ষিকি।ৰেডিঅ' ষ্টেচন সমূহে এইজনা কিংবদন্তি গায়কৰ অতি সুন্দৰ সুন্দৰ গীত সমূহ সংৰক্ষণ কৰি ৰাখে আৰু এনেকোৱা কোনো বিশেষ দিনত মানুহৰ আগত প্ৰকাশ কৰে। তেওঁ আগৰ পৰাই এজন গায়ক হিচাপে প্ৰতিষ্ঠিত হ'ব বিচাৰিছিল,কিন্তু পিছলৈ তেওঁ পইচাৰ বাবে ছবি অভিনয় কৰিবলৈ জোৰ কৰা হৈছিল।তেওঁৰ বিষয়ে কিছুমান নজনা কথা তলত উল্লেখ কৰা হ'ল,

কিশোৰ কুমাৰ নিজে মত প্ৰকাশ কৰা অনুসৰি,তেওঁ একেবাৰে অভিনয় পছন্দ কৰা নাছিল,তেওঁৰ ছবি সমূহে বক্স অফিচত কাম কৰিছিল।

তেওঁৰ ঘৰৰ বাহিৰত "বিৱেৰ অফ কিশোৰ" অৰ্থাৎ কিশোৰৰ পৰা সাৱধান বুলি বৰ্ড এখন লগোৱা আছিল।

গছ-গছনিৰ সৈতে কথা পাতিছিল,লগতে তেওঁ গছ বোৰৰ সৈতে কৌতুক কৈছিল আৰু মানিহতকৈ বেছি গছ গছনিক বেছিকৈ প্ৰাধান্য দিছিল।

তেওঁ চাৰিবাৰকৈ বিবাহ পাশত আৱদ্ধ হৈছিল,প্ৰথমে গায়িকা ৰুমা ঘোষ,তাৰপিছত অভিনেত্ৰী মধুৱালা,তাৰ পিছত পুনৰ য়গিতা বালিক আৰু শেষত অভিনেত্ৰী লীনা চন্দাভৰ্কাৰ।

এইগৰাকী কিংবদন্তি গায়ক তথা অভিনেতালৈ জন্মদিনৰ অশেষ শুভকামনা।

Next Story
চাকৰি