কুম্ভ মেলাৰ উদ্দেশ্য প্ৰয়াগৰাজত প্ৰস্তুতি তুংগত

কুম্ভ মেলাৰ উদ্দেশ্য প্ৰয়াগৰাজত প্ৰস্তুতি তুংগত
Published on

অহা বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া কুম্ভ মেলাৰ কাৰণে সম্প্ৰতি উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে এলাহাবাদ অৰ্থাৎ প্ৰয়াগৰাজত ৷ কুম্ভ মেলাৰ লগত সংগতি ৰাখি ভাৰতীয় ৰেলৱেই বিশেষ সুবিধা আগবঢ়াইছে যাত্ৰীসকলৰ কাৰণে ৷ বিভিন্ন ৰেলত ভাৰতীয় ৰেল বিভাগে বিভিন্ন সা সুবিধাৰ উদ্যোগ গ্ৰহণ কৰিছে ৷ অহা বৰ্ষৰ জানুৱাৰীমাহত হ’ব লগীয়া কুম্ভ মেলাত ৰেলবিভাগৰ "মেলা চাৰ্জ" ৰ ব্যৱস্থা নাথাকিব ৷ "মেলা চাৰ্জ" হৈছে যিকোনো উৎসৱৰ সময়ত যাত্ৰীসকলৰ পৰা লোৱা কৰ ৷কিন্তু এই বাৰ যাত্ৰীসকলক "মেলা চাৰ্জ"ৰ পৰা ৰেহাই দিছে ভাৰতীয় ৰেল বিভাগে ৷

ইফালে সমগ্ৰ দেশতে আয়োজিত হোৱা যিকোনো উৎসৱ বা মেলাত ৰেলৱেৰ যাত্ৰীসকলৰ পৰা ৰেল বিভাগে এটা সামান্য কৰ আদায় কৰে ৷ কিন্তু, যাত্ৰীসকলৰ পৰা ৰেলৱে বিভাগে আদায় কৰা কৰসমূহ সেই মেলাসমূহতো ব্যয় কৰে ৷আনহাতে,জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া কুম্ভ মেলাত প্ৰায় ৭০০ কোটি টকাৰ ৪১ খন আঁচনি আৰম্ভ কৰিছে ৷ ৰেলৱেৰ এজন বিষয়াৰ মন্তব্য অনুসৰি, ৪১খন আঁচনিৰ ভিতৰত ২৯ খন আঁচনিৰ কাম সম্প্ৰতি শেষ হৈছে ৷ যদিও বাকী কেইখনৰ কাম অনতি পলমে সমাপ্ত হ’ব ৷

এই সন্দৰ্ভত উত্তৰ মধ্য প্ৰদেশৰ মহা প্ৰবন্ধক ৰাজীৱ চৌধুৰীয়ে মন্তব্য কৰে যে প্ৰয়াগৰাজ ৰেলৱে ষ্টেচনত চাৰিটা নিবাস নিৰ্মাণ কৰিছে ৷ য’ত প্ৰায় ১০,০০০ জন তীৰ্থযাত্ৰীৰ কাৰণে বিভিন্ন সুবিধা উপলব্ধ হ’ব ৷ অন্যহাতে, কুম্ভ মেলালৈ অহা যাত্ৰীসকলৰ সুবিধাৰ কাৰণে প্ৰয়াগৰাজৰ বিভিন্ন জিলাৰ বিভিন্ন ষ্টেচনৰ পৰা প্ৰায় ৮০০খন ৰেলৰ সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ লৈছে ভাৰতীয় ৰেলৱেই৷ ইফালে প্ৰবাসী ভাৰতীয়সকলৰ কাৰণে ভাৰতীয় ৰেলৱেৰ লৈছে এক বিশেষ সুবিধা ৷

প্ৰায় ৫০০০ প্ৰবাসী ভাৰতীয়ক এলাহাবাদৰ পৰা নতুন দিল্লীলৈ যাবৰ কাৰণে প্ৰায় চাৰি পাঁচখন বিশেষ ট্ৰেইনৰ ব্যৱস্থা কৰিছে ৰেলৱে কৰ্তৃপক্ষই ৷ এই প্ৰবাসী ভাৰতীয়সকল বাৰাণসীত অনুষ্ঠিত হ’বলগীয়া প্ৰবাসী ভাৰতীয় দিৱসত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পিছত কুম্ভ মেলাত অংশগ্ৰহণ কৰিবৰ কাৰণে এলাহাবাদলৈ যাত্ৰ কৰিব । লগতে কুম্ভ মেলাত অংশগ্ৰহণ কৰিবলৈ অহা যাত্ৰীসকলৰ সুবিধাৰ্থে AIE অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলীজেন্সৰ ব্যৱস্থা কৰিছে ৷ লগতে ইয়াত ব্যৱস্থা কৰিছে উন্নত মানদণ্ডৰ চিচিটিভী ব্যৱস্থা কৰিছে ৰেলৱে বিভাগে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com