কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ

কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ
Published on

গুৱাহাটীৰ লখৰাৰ প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কৃষক নেতা অখিল গগৈক।১৪৪ ধাৰা উলংঘনৰ অভিযোগত জৰুৰকালীন ১০৮, ১০২ সেৱাৰ কৰ্মচাৰীসকলে কৰা প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক নেতা অখিল গগৈক।১০৮, ১০২ সেৱাৰ প্ৰতিবাদী কৰ্মচাৰীসকলকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। উল্লেখ্য যে কেইবাটাও দাবীৰে বুধবাৰৰ পৰা প্ৰতিবাদ অব্যাহত ৰাখিছিল জৰুৰীকালীন ১০৮, ১০২ সেৱাৰ কৰ্মচাৰীসকলে।১০৮, ১০২ সেৱাৰ প্ৰতিবাদী কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত কৰা আন্দোলনৰ সমৰ্থন জনাই অখিল গগৈয়ে তেওঁলোকৰ লগত আন্দোলনত বহিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com