কৃষি বিষয়া নিযুক্তি কেলেঙ্কাৰীত জড়িত দালালক গ্ৰেপ্তাৰ

কৃষি বিষয়া নিযুক্তি কেলেঙ্কাৰীত জড়িত দালালক গ্ৰেপ্তাৰ
Published on

ভঙাগড় আৰক্ষীয়ে বৃহস্পতিবাৰে ৰাজ্যৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেঙ্কাৰীৰ লগত জড়িত তিনিটা দালালক গ্ৰেপ্তাৰ কৰিছে।দালাল কেইটা ক্ৰমে বিকাশ পিন্সা, কৌশিক কলিতা আৰু কুনাল দাস বুলি জানিব পৰা গৈছে।দালাল কেইটা ইতিমধ্যে দেশ কঁপোৱা অসম লোকসেৱা আয়োগ কেলেঙ্কাৰী গোচৰত অভিযুক্ত হৈ আৰক্ষীৰ জিম্মাত আছিল।ন্যায়ালয়ৰ পৰা অনুমতি লৈ ভঙাগড় আৰক্ষীয়ে ১৫৯/১৭ নং গোচৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দালাল কেইটাক গ্ৰেপ্তাৰ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com