Begin typing your search above and press return to search.

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যপালৰ উপস্থিতি

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যপালৰ উপস্থিতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:00 AM GMT

যোৱা শুক্ৰবাৰে বৰপেটাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত অসম ৰাজ্যপাল জগদীশ মুখীয়ে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে।ৰাজ্যপাল গৰাকীয়ে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সকলোকে অভিনন্দন জ্ঞাপন কৰে লগতে অনুষ্ঠান কৃষ্ণগুৰু সেৱাশ্ৰম আৰু ভক্তসকলেও অংশ গ্ৰহন কৰে।

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ এই সুন্দৰ অনুষ্ঠানৰ সময়ত ৰাজ্যপাল জগদীশ মুখীয়ে মত প্ৰকাশ কৰি কয় যে,এই প্ৰতিষ্ঠান খন 'অসম প্ৰাইভেট ইউনিভাৰ্চিটী'ৰ আইনৰ অন্তৰ্গত অসম বিধানসভাৰ মজিয়াৰ পৰা অনুমোদনপ্ৰাপ্ত ।বিশ্ববিদ্যালয় খন ৰাজ্যখনৰ উচ্চ শিক্ষাৰ বাবে ২০১৭চনৰ ৩ আগষ্টত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।বিশ্ববিদ্যালয় খনত অসমীয়া আৰু ৰাজনীতি বিজ্ঞানৰ স্নাকত্তোত্তৰ পাঠ্যক্ৰম থকাৰ লগতে আৰু অন্যান্য নতুন বিষয় দৰ্শনবাদ আৰু শিক্ষা বিষয়ৰ নামভৰ্ত্তি ইতিমধ্যে আৰম্ভ হৈছে ।

ৰাজ্যপাল গৰাকীয়ে জনোৱা অনুসৰি,বিশ্ববিদ্যালয় খনৰ মুল লক্ষ্য হৈছে দক্ষতা বিকাশৰ বাবে বৃত্তিমুখী বিষয়ৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা আৰু ইয়াৰ জৰিয়তে ৰাজ্যখনত দীৰ্ঘম্যাদী হিচাপে বৃহৎ সংখ্যক মানৱ সম্পদৰ সহায়ক হ'ব। পৰমগুৰু কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে অঞ্চলটোৰ নিবনুৱা যুৱক সকলৰ বাবে এই দক্ষতা প্ৰশিক্ষণৰ দ্ধাৰা সংস্থাপনৰ সুবিধা প্ৰদান কৰাৰ এক লক্ষ্য আগত ৰাখে।

ৰাজ্যপাল জগদীশ মুখীয়ে মত প্ৰকাশ কৰা অনুসৰি,তেওঁ সুখী যে,কৃষ্ণগুৰু সেৱাশ্ৰমে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল দেখুওৱা বহু ছাত্ৰ-ছাত্ৰীক সহায় কৰিব।

Next Story
চাকৰি